নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হৰিনাম ধ্বনিৰে মুখৰ ঢকুৱাখনাৰ শ্ৰীশ্ৰীবাসুদেৱ থান নৰোৱা সত্ৰ

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰী : জাতি জনগোষ্ঠীৰ সমন্বয়ৰ ক্ষেত্ৰলৈ পৰিণত হৈছে উত্তৰ অসমৰ প্ৰধান বৈষ্ণৱপীঠ ঢকুৱাখনাৰ ঐতিহাসিক শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ সত্ৰৰ পালনাম মহোৎসৱ।কালিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই পালনাম মহোৎসৱ আজি দ্বিতীয় দিনা হৰি নাম ধ্বনিৰে মুখৰিত হৈ পৰে নৰোৱা সত্ৰৰ চৌহদ।সত্ৰ খনৰ ৬৭ বছৰীয়া পৰম্পৰা অটুট ৰাখি পালন কৰা পালনামত এতিয়া ভক্তৰ সমাগমেৰে বৈকুণ্ঠ পুৰী সদৃশ পৰিৱেশৰ সুচনা হৈছে। পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱ তথা দৰ্শনাৰ্থীয়ে এগছি বন্তি, শৰাই আগবঢ়াই ভক্ত সকলে পালনামত সেৱা জনাই মনোকামনাপুৰণৰ বাবে সেৱা-আশীৰ্বাদ লয়। বুধবাৰে বিয়লি শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ পবিত্ৰ নামঘৰ প্ৰাঙ্গনত সত্ৰৰ ডেকা সত্ৰাধিকাৰ ভোগেন্দ্ৰ দেৱ গোস্বামীৰ বন্তি প্ৰজ্বলনৰ পাছতেই মহা পালনাম মহোৎসৱৰ শুভাৰম্ভ কৰে সত্ৰৰ সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱ গোস্বামীয়ে।নগাঁৱৰ বালিসত্ৰৰ ডেকা সত্ৰীয়া ৰাজু দেৱ গোস্বামীয়ে নামাচাৰ্য, নগাঁৱৰ চামুগুৰি সত্ৰৰ ডেকা সত্ৰীয়া কমল মহন্তই দোহাচাৰ্য কৰাৰ লগতে কেইবাখনো সত্ৰৰ কেইবাগৰাকী জ্যেষ্ঠ পাঠাচাৰ্যই প্ৰথম দিনৰ পালনাম ভাগীত অংশ গ্ৰহণ কৰে। দ্বিতীয় দিনা বৃহস্পতিবাৰে আইসকলৰ নাম ,সমূহীয়া নাম ,ভাগৱতৰ শ্ৰৱণ কীৰ্তন ,ঘোষা পাঠ আদি বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰে নৰোৱা সত্ৰ প্ৰাঙ্গন মুখৰ হৈ পৰে।ঢকুৱাখনাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শ শ ভকত বৈষ্ণৱ, দর্শনাৰ্থীৰ সমাগমেৰে জাতি জনগোষ্ঠীৰ সমন্বয়ৰ বাৰ্তা বিলাই কাইলৈ এই মহোৎসৱৰ সামৰণি পাৰিব।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like