ৰামলালাৰ প্রাণ প্রতিষ্ঠাৰ পিছত ১.২৫ লাখ কোটিৰ ব্যৱসায়
🔹 অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনত দেশজুৰি উজ্জীৱিত বাণিজ্য
বিশেষ বাৰ্তা, ২৫ জানুৱাৰী : ৰাম মন্দিৰত ৰামলালাৰ প্রাণ প্রতিষ্ঠা উপলক্ষে দেশজুৰি বৃহৎ ব্যৱসায়িক লেনদেন হৈছে৷ উত্তৰ প্রদেশৰ অযোধ্যাত ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা ২২ জানুৱাৰীত সম্পন্নৰ সময়ছোৱাত দেশজুৰি উজ্জীৱিত হৈছে বাণিজ্যিক খণ্ড৷ কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্রেডার্ছ চমুকৈ চি এ আই টিয়ে প্রকাশ কৰা মতে, ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা উপলক্ষত দেশজুৰি ১.২৫ লাখ কোটি টকাৰ ব্যৱসায় হৈছে৷ ঐতিহাসিক অযোধ্যাত ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা উপলক্ষে দেশৰ জনতাই মুক্তমনে সামগ্রী ক্রয় কৰাত ১.২৫ লাখ টকাৰ ব্যৱসায় হৈছে৷ চিএআইটিৰ তথ্য মতে, উত্তৰ প্রদেশত ৪০ হাজাৰ কোটি টকাৰ ব্যৱসায় হৈছে৷ ইয়াৰ পিছত দেশৰ ৰাজধানী নতুন দিল্লীত ২৫ হাজাৰ কোটি টকাৰ ব্যৱসায়িক লেনদেন হৈছে৷ চিএআইটিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক প্রবীণ খাণ্ডেলৱালে প্রকাশ কৰা মতে, এই ব্যৱসায়ত ক্ষুদ্র ব্যৱসায়ীসকলে অধিক উপার্জন কৰিছে৷ অর্থাৎ অধিক লাভান্বিত হৈছে৷ ‘হৰ চেহেৰ অযোধ্যা, হৰঘৰ অযোধ্যা’ অভিযানে ক্ষুদ্র ব্যৱসায়ীৰ লগতে বৃহৎ ব্যৱসায়ীকো লাভান্বিত কৰিছে৷ ১ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ দেশজুৰি ক্ষুদ্র আৰু বৃহৎ ব্যৱসায়িক সংগঠনে ১.৫ নিযুত কার্যসূচী ৰূপায়ণ কৰিছে৷ দেশজুৰি বিক্রী হোৱা সা–সামগ্রীৰ ভিতৰত ধার্মিক স্মৃতিগ্রন্থ, মিঠাই, সাজ–সজ্জাৰ সামগ্রী আৰু আন আধ্যাত্মিক সামগ্রীয়ে সর্বাধিক প্রাধান্য পাইছে৷ মন কৰিবলগীয়া যে চিএআইটিয়ে ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা উৎসৱক লৈ ১০০ কোটি টকাৰ ব্যৱসায় হ’ব বুলি ধাৰণা কৰিছিল যদিও প্রাণ প্রতিষ্ঠা উপলক্ষত অধিক ব্যৱসায় হৈছে৷ বিভিন্ন ৰাজ্যৰ ৩০খন চহৰৰ পৰা অহা তথ্য মতে, এই উৎসৱত ক্ষুদ্র ব্যৱসায়ীৰ পৰা বৃহৎ ব্যৱসায়িক প্রতিষ্ঠানলৈকে সকলো লাভান্বিত হৈছে৷ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক খাণ্ডেলৱালে প্রকাশ কৰা মতে, এই ব্যৱসায়ত প্রাধান্য পাইছে শ্রীৰাম পতাকা, বেনাৰ, টুপী, টী–ছার্ট আৰু ৰাম মন্দিৰৰ ছবি অংকিত কুর্তা৷ অর্থাৎ ভগৱান ৰাম সম্পর্কিত সামগ্রীৰ অধিক বিক্রী হৈছে৷ ইয়াৰ উপৰি প্রাণ প্রতিষ্ঠা উপলক্ষত দেশৰ বিভিন্ন চহৰত মিঠাইৰ চাহিদা বৃদ্ধি পাইছে৷