নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রত্যাৱর্তনৰ লক্ষ্য কোহলিৰ

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ এখন মেচত পৰাজয় মানেই সকলো শেষ হৈ নাযায়৷ ইয়াৰ বাবে নিশাটোৰ ভিতৰতে আমি বেয়া হৈও নাযাওঁ৷ ৱেলিংটনত আমি ভাল খেলিব নোৱাৰিলোঁ, কিন্তু ভ্রমণত আৰু এখন টেষ্ট বাকী আছে৷ পৰৱর্তী টেষ্টত আমি অধিক প্রস্তুতিৰে খেলপথাৰত নামিব লাগিব৷ –এই মন্তব্য টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিৰ৷ প্রথম টেষ্টত ১০ উইকেটত পৰাস্ত হোৱাৰ পিছত তাৰকাগৰাকীয়ে কয় যে বলিঙত দলৰ প্রদর্শন আশাপ্রদ যদিও বেটিঙত টীম ইণ্ডিয়াই প্রদর্শনৰ মান উন্নত কৰিব লাগিব৷

উদীয়মান অ’পেনাৰ পৃথ্বি শ্ব আৰু মায়ংক আগৰৱাল প্রথম টেষ্টত ব্যর্থ হ’লেও অধিনায়ক কোহলিয়ে তেওঁলোকলৈ পূর্ণ সমর্থন আগবঢ়ায়৷ ইফালে, নিজৰ প্রদর্শনক লৈও অধিক উদ্বিগ্ন নহয় অধিনায়ক কোহলি৷ বেটছমেনগৰাকীয়ে কয় যে তেওঁ ভাল বেটিঙেই কৰি আছে, কিন্তু বৃহৎ স্ক’ৰহে সংগ্রহ কৰিব পৰা নাই৷

You might also like