নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰী : পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ বন্দাপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বকোৰ হাহিম নোৱাপাৰাত বুধবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি বকোৰ হাহিম নোৱাপাৰাৰ তিনিজন লোকে বুধবাৰে এটি লতামাকৰি বাঘ হত্যা কৰি ভক্ষণ কৰা বুলি এক গোপন খবৰ লাভ কৰিছিল বন্দাপাৰা বনাঞ্চলিক কাৰ্যালয়ে।ইয়াৰ পিছতে গোপন খবৰৰ ভিত্তিত নিশা বন্দাপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বনাঞ্চলিক বিষয়া ভৈৰৱ চন্দ্ৰ শৰ্মাৰ নেতৃত্বত এটা বনকৰ্মীৰ দলে অতৰ্কিতে অভিযান চলাই লতামাকৰি বাঘ হত্যা কৰি ভক্ষন কৰা হাহিম নোৱাপাৰাৰ তিনিজন লোকক নিশাই আটক কৰে।আটক কৰা তিনিগৰাকী লোক ক্ৰমে জয়ন্ত ৰাভা, কৃপানন্দ ৰাভা আৰু পুতুল ৰাভা। উল্লেখ্য যে লতামাকৰি বাঘ হত্যা কৰি ভক্ষন কৰা সন্দৰ্ভত আটক কৰা তিনিওগৰাকী লোককে বন্দাপাৰা বনাঞ্চলিক কাৰ্যালয়ত বুধবাৰে নিশাৰে পৰা দীৰ্ঘ সময় জেৰা চলোৱাৰ অন্তত তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত তিনিওকে BPR/(WL)- 02 OF 2023/24 নম্বৰৰ বন্দাপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ কেচ ডায়েৰীৰ গোচৰৰ অধীনত আজি বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে।গ্ৰেপ্তাৰ কৰা তিনিওকে আজি বন্দাপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ দলে বিভাগীয় কাম সম্পাদন কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।
প্ৰেৰক প্ৰীতম বায়ন