নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুসজাইত উচ্চ মানসম্পন্ন ক্রীড়া প্রশিক্ষণ কেন্দ্র উদ্বোধন মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রীয়ে শুভাৰম্ভ কৰিলে গুণগত অলিম্পিক শিক্ষা কার্যসূচী

অসমৰ ক্রীড়াৰ সম্ভাৱনাক বিকশাই তোলাৰ দিশত অংশীদাৰ হোৱাৰ বাবে অভিনৱ বিন্দ্রাক অভিনন্দন মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ জানুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত উচ্চ মানসম্পন্ন ক্রীড়া প্রশিক্ষণ আৰু পুনর্বাসন কেন্দ্র শুভ উদ্বোধন কৰে৷ মুখ্যমন্ত্রী ড০ শৰ্মাই গুণগত অলিম্পিক শিক্ষা কার্যসূচীও লগতে শুভাৰম্ভ কৰে৷ উল্লেখযোগ্য যে অসম চৰকাৰে অভিনৱ ফিউচাৰিষ্টিক প্রাইভেট লিমিটেড, অইল ইণ্ডিয়া লিমিটেড আৰু নুমলীগড় শোধনাগাৰ লিমিটেডৰ সৈতে ক্রমে গুৱাহাটী আৰু যোৰহাটত দুটা উচ্চ মান সম্পন্ন ক্রীড়া প্রশিক্ষণ আৰু পুনর্বাসন কেন্দ্র স্থাপনৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিল৷ কেন্দ্রটোত বায়মেকানিকছ আৰু পষ্টুৰেল লেৱ, শৰীৰতত্ত্ব পৰীক্ষাগাৰ, পুনর্বাসন পৰীক্ষাগাৰ, পেৰা-এথলীট প্রদর্শন পৰীক্ষাগাৰ আদি সুবিধাসমূহ অন্তভুর্ক্ত কৰা হৈছে৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে ৰাজ্যত ক্রীড়াৰ পৰিৱেশ শক্তিশালীকৰণৰ দিশত আজি গুৰুত্বপূর্ণ দিন৷ কেন্দ্রটোত সন্নিৱিষ্ট কৰা সুবিধাসমূহৰ জৰিয়তে নতুন প্রজন্মৰ খেলুৱৈসকলক আধুনিক ক্রীড়া প্রতিযোগিতাসমূহত দক্ষতা দেখুৱাবলৈ সহনশীলতা আৰু শাৰীৰিক সক্ষমতা লাভ কৰাত সহায়ক হব৷ তেওঁ লগতে কয় যে ইয়ে অসমক ক্রীড়াৰ এক শক্তিশালী কেন্দ্র হিচাপে আত্মপ্রকাশ কৰাত সহায় কৰিব৷ মুখ্যমন্ত্রী ড০ শৰ্মাই অলিম্পিকত স্বর্ণপদক প্রাপক অভিনৱ বিন্দ্রাক অসম চৰকাৰৰ সৈতে অংশীদাৰিত্বৰে ৰাজ্যৰ ক্রীড়াৰ বাবে এটি নতুন যুগৰ সুবিধা সৃষ্টিৰ দিশত আগবঢ়োৱা সহযোগৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ কয় যে অভিনৱ বিন্দ্রা যুৱ খেলুৱৈসকলৰ বাবে এক চিৰস্থায়ী প্রেৰণাৰ উৎস৷ বেইজিং অলিম্পিকত তেওঁৰ স্বর্ণপদকে ভাৰতীয় ক্রীড়া জগতত এক নতুন ইতিহাস ৰচাৰ লগতে ক্রীড়াৰ এক নতুন যুগৰ সূচনা কৰে বুলিও মুখ্যমন্ত্রী ড০ শৰ্মাই মন্তব্য কৰে৷ এই পদক্ষেপৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে হাত মিলাই অইল ইণ্ডিয়া লিমিটেড আৰু নুমলীগড় শোধনাগাৰ লিমিটেডে আগবঢ়োৱা সহযোগিতাৰ বাবেও মুখ্যমন্ত্রী ড০ শৰ্মাই ধন্যবাদ জ্ঞাপন কৰে৷ উচ্চ মানসম্পন্ন ক্রীড়া প্রশিক্ষণ কেন্দ্র আৰু পুনর্বাসন কেন্দ্র তথা গুণগত অলিম্পিক শিক্ষা কার্যসূচীয়ে ক্রীড়া ব্যক্তিত্ব গঢ়ি তোলাত সহায়ক হব আৰু বৃহৎ ক্রীড়া প্রতিযোগিতাসমূহত পাৰদর্শিতা প্রদর্শন কৰিবলৈ সক্ষম হব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে ৰাজ্যখনৰ সামগ্রিক ক্রীড়াৰ বিকাশত গতিশীলতা প্রদান কৰাৰ উপৰি অলিম্পিকৰ নীতি-নিয়ম আৰু মূল্যবোধ বজাই ৰখাত সহায়ক হব৷ মুখ্যমন্ত্রী ড০ শৰ্মাই ৰাজ্যৰ খেলুৱৈসকলক এই সুবিধা গ্রহণ কৰাৰ দিশত আগুৱাই আহিবলৈ আহবান জনায়৷ ৰাজ্য চৰকাৰে ক্রীড়াত সর্বাধিক গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে ৰাষ্ট্রীয় ক্রীড়া উত্তৰাখণ্ডৰ পিছতে অসমত এই প্রতিযোগিতা আয়োজন কৰাৰ পদক্ষেপ লোৱাৰ উপৰি বর্তমানৰ ৰাজ্য চৰকাৰে খেল ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰো আয়োজন কৰিব৷ ৰাজ্যখনৰ ক্রীডাৰ আন্তঃগাঁথনিৰ সম্পর্কত আলোকপাত কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে আমিনগাঁৱৰ বহুমুখী ষ্টেডিয়ামখন অতি সোনকালে মুকলি কৰাৰ লগতে চন্দ্রপুৰতো একেধৰণৰ এখন ষ্টেডিয়াম নির্মাণ কৰা হব যত খেলৰ লগতে হোষ্টেলৰ বাবে পর্যাপ্ত সুবিধা থাকিব৷ তেওঁ লগতে কয় যে সৰুসজাই ক্রীড়া চৌহদত ৫০০গৰাকী খেলুৱৈ থকাৰ সুবিধা হোৱাকৈ হোষ্টেল নির্মাণ কৰা হব৷ আগন্তুক বাজেটত ৰাজ্যখনৰ ক্রীড়াৰ প্রসাৰৰ বাবে কেইবাটাও ব্যৱস্থাৰ কথা ঘোষণা কৰা হব৷ গুণগত অলিম্পিক শিক্ষা কার্যসূচী সম্পর্কত উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে অলিম্পিক ফাউণ্ডেশ্যন ফৰ কালছাৰ এণ্ড হেৰিটেজ আৰু অভিনৱ বিন্দ্রা ফাউণ্ডেছন ট্ৰাষ্টৰ সহযোগত এই কার্যসূচী ৰূপায়ণ কৰা হব৷ ইয়াৰ জৰিয়তে আধুনিক জীৱন শৈলীৰ প্রত্যাহবান আৰু অন্যান্য সমস্যাসমূহৰ সৈতে মোকাবিলা কৰিবলৈ বিদ্যালয়সমূহত এই কার্যসূচী ৰূপায়ণ কৰা হব৷ ৰাজ্যৰ ক্রীডা আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আয়োজিত অনুষ্ঠানত ক্রীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মন্ত্রী নন্দিতা গার্লোচা, সাংসদ পবিত্র মার্ঘেৰিটা, বিধায়ক অতুল বৰা, অলিম্পিয়ান অভিনৱ বিন্দ্রা আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like