নিময়ীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ ধুবুৰী পৌৰসভাৰ চহৰখন পালপাৰাত থকা মূল পানী পৰিশোধন তথা পানী যোগান কেন্দ্ৰটোৰ পানীৰ নমুনা গুৱাহাটীৰ ৰাজ্যিক ৰেফাৰেল পৰীক্ষাগাৰ (State Referral Labortory) চমুকৈ এছআৰএল-ত পৰীক্ষা কৰা হৈছে নে নাই বুলি এক প্ৰশ্ন উত্থাপিত হোৱা পোৱা গৈছে স্থানীয় একাংশ মহলত। দৰাচলতে, সম্প্ৰতি এছআৰএলৰ পৰীক্ষাত ধুবুৰী পৌৰসভাৰ চিলড্ৰেন পাৰ্কস্থিত পানী পৰিশোধন তথা পানী যোগান কেন্দ্ৰটোৰ পানীত মাত্ৰাধিক আৰ্ছেনিক থকাৰ বিষয়টো উন্মোচিত হোৱাৰ পিছত জন্ম দিছে সেই প্ৰশ্নৰ। উল্লেখ্য যে, বিগত ৫ জানুৱাৰীৰ দিনা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ধুবুৰী সংমণ্ডলে গুৱাহাটীৰ এছআৰএল-লৈ প্ৰেৰণ কৰিছিল পানীৰ এক নমুনা। ধুবুৰী চহৰৰ ২নং ৱাৰ্ডৰ চিলড্ৰেন পাৰ্কৰ একাষে থকা পৌৰসভাৰ পানী পৰিশোধন তথা পানী যোগান কেন্দ্ৰটোৰ পৰা বিভাগটোৱে সংগ্ৰহ কৰা পানীৰ সেই নমুনাত গুৱাহাটীৰ এছএলএল-ৰ পৰীক্ষাগাৰত মাত্ৰাধিক পৰিমাণৰ আৰ্ছেনিক থকা বুলি ধৰা পৰিছিল। জানিব পৰা মতে, বিগত কিছুদিনৰ পৰা পৌৰসভা কৰ্তৃপক্ষৰ চিলড্ৰেন পাৰ্কৰ সেই পানী পৰিশোধন তথা যোগান কেন্দ্ৰটো বন্ধ ৰখাৰ বিপৰীতে বিকল্প ব্যৱস্থা ৰূপে অসম নগৰ পানী যোগান আৰু নৰ্দমা নিৰ্মাণ বৰ্ড (ASSAM URBAN WATER SUPPLY & SEWERAGE BOARD)ৰ চহৰখনৰ ১নং ৱাৰ্ডৰ পানী যোগান কেন্দ্ৰটোৰ পানী যোগান ধৰাৰ ব্যৱস্থা কৰিছে। উল্লেখ্য যে, চিলড্ৰেন পাৰ্কৰ পানী যোগান কেন্দ্ৰটোৰে চহৰখন ১ আৰু ২ নং ৱাৰ্ডৰ কেইবা শতাধিক পৰিয়ালক পানী যোগান ধৰি আহিছিল পৌৰসভাই। ইপিনে বৰলুইতৰ পানী পৰিশোধন কৰি যোগান ধৰি অহা অসম নগৰ পানী যোগান আৰু নৰ্দমা নিৰ্মাণ বৰ্ডৰ ধুবুৰীৰ পানী পৰিশোধন কেন্দ্ৰটোৰ পানী প্ৰায়েই সামান্য পৰিমাণে ঘোলা পোৱা যায় বুলিও এক অভিযোগো উঠিছে। ফলত স্বাভাবিক ভাবেই, ধুবুৰীৰ বহুতেই অসম নগৰ পানী যোগান আৰু নিৰ্মাণ বৰ্ডৰ সেই পানী যোগান কেন্দ্ৰটোৰ পানী খোৱাপানী ৰূপে ব্যৱহাৰ কৰিবলৈ ইতস্ততঃবোধ কৰা পোৱা গৈছে। ইয়াৰ মাজতে আকৌ ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনত ৰূপায়িত হোৱা জলজীৱন আঁচনিবোৰৰ পানীৰ গুণগতমান পৰীক্ষা কৰা হৈছে নে নাই সেই প্ৰশ্নও উত্থাপিত কৰিছে বহুতেই।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী