নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী : যিটো সময়ত শিক্ষিত নিবনুৱাই এটা কৰ্মসংস্থাপন বিচাৰি চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি হাবাথুৰি খাবলগীয়া হৈছে, ঠিক সেই সময়ত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ জোৰডাংগা-বৰ্মনপাৰা গাঁৱৰ এজন উদ্যমী শিক্ষিত যুৱক ৰমজান আলীয়ে বগৰী খেতিৰে স্বাৱলম্বী হৈ সকলোৰে বাবে এক আদৰ্শ হৈ পৰিছে। উদ্যমী যুৱক ৰমজানে বগৰী খেতিৰে প্ৰতি বছৰে প্ৰায় দুই-তিনি লাখ টকা উপাৰ্জন কৰে। ৰমজান আলীয়ে উন্নত মানৰ গছপুলিৰে এইবেলি চাৰে তিনি বিঘা মাটিত ৩৫০ জোপা বগৰী গছ ৰোপণ কৰিছে।
যাৰ পৰা ৪ লক্ষাধিক টকা উপাৰ্জন হ’ব বুলি আশা কৰিছে ৰমজান আলীয়ে। চৰকাৰী কোনো সুবিধা নোহোৱাকৈ সামান্য পুঁজিৰে বগৰী খেতিৰে স্বাৱলম্বী হৈ আন দহজনৰ বাবে আদৰ্শ হৈ পৰিছে মানকাচৰৰ ৰমজান আলী। অসমীয়া নিবনুৱা যুৱক-যুৱতীসকলক সামান্য পুঁজিৰে বগৰী খেতি কৰি নিজকে স্বাৱলম্বী কৰি তুলিবলৈ আগবাঢ়ি আহিবলৈ ৰমজানে আহ্বান জনায়।
প্ৰেৰক ফাৰহাদ আহমেদ