নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত কেন্দ্ৰীয় মে-ডাম-মে-ফীৰ প্ৰস্তুতি তুংগত

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী : সমাগত টাই আহোমসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ মে-ডাম-মে- ফী। মে-ডাম-মে-ফী উপলক্ষে সমগ্ৰ ৰাজ্যৰ আহোমসকলৰ মাজত আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি। বিগত বৰ্ষবোৰৰ দৰে চলিত বৰ্ষতো ঢকুৱাখনাত কেন্দ্ৰীয়ভাৱে উদযাপনৰ প্ৰস্তুতি তুংগত উঠিছে।ঢকুৱাখনা টাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ অসমৰ উদ্যোগত ঢকুৱাখনা নগৰস্থিত বিকাশ কেন্দ্ৰৰ প্ৰাংগণত অহা ৩০ আৰু ৩১ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিতব্য এই ধৰ্মীয় উৎসৱৰ প্ৰথম দিনা পতাকা উত্তোলন, ফুৰালুং প্ৰতিষ্ঠা, গছপুলি ৰোপণ আদি কাৰ্যসূচীৰ লগতে চিত্ৰাংকন, কুইজ, ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। দ্বিতীয় দিনা পুৱা ফুৰালুং পূজা, মৈদাম তৰ্পণ আদি কাৰ্যসূচীৰ লগতে স্মৃতিগ্ৰন্থ “বানফাই” উন্মোচন কৰা হ’ব। দুপৰীয়ালৈ ঢকুৱাখনা উপ-জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত কাৰ্তিক কলিতাই মুকলি সভা উদ্বোধন কৰিব। বিকাশ কেন্দ্ৰৰ সভাপতি অসীম সন্দিকৈয়ে সভাপতিত্ব কৰিব লগা মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে জ্যেষ্ঠ সাংবাদিক, নিবন্ধকাৰ শৰৎ চন্দ্ৰ নেওগ, মুখ্য অতিথি হিচাপে সাংসদ প্ৰদান বৰুৱা, বিধায়ক নৱ কুমাৰ দলে, বিশিষ্ট অতিথি হিচাপে ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ গিৰীণ গগৈ, ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডিম্বেশ্বৰ গগৈ, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সম্পাদক অচ্যুত বৰগোহাঁইৰ লগতে আমন্ত্ৰিত অতিথি হিচাপে লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোহাঁই, মহকুমা আৰক্ষী বিষয়া সৌধন্য শুক্লবৈদ্য, ৰাজহ চক্ৰ বিষয়া বিশ্বজিত দত্ত, ঢকুৱাখনা পৌৰসভাৰ পৌৰপতি ৰাজীৱ দাস আদি বহুকেইগৰাকী প্ৰশাসনিক বিষয়া, শিক্ষাবিদ-সমাজকৰ্মীয়ে অংশগ্ৰহণ কৰিব। সন্ধিয়া বন্তি প্ৰজ্বলনেৰে সামৰণি পৰিবলগীয়া দুদিনীয়া বৰ্ণিল কাৰ্যসূচীত সকলো জ্ঞাতি-বৰ্গ আৰু শুভাকাংক্ষী ৰাইজৰ উপস্থিতি আৰু সহযোগিতা উদযাপন সমিতিৰ সভাপতি অসীম সন্দিকৈ, সম্পাদক প্ৰণৱ বৰপাত্ৰ গোহাঁই আৰু ঢকুৱাখনা টাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ প্ৰধান সম্পাদক অৰুণ চমুৱাই আন্তৰিকতাৰে কামনা কৰিছে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like