নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ সোমবাৰে দুদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ অহা মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দিনটোৰ কাৰ্যসূচী সামৰণিৰ পাছত নিশা কটালে ৰাজধানী দিল্লীৰ বিলাসী হোটেল আই টি চি মৌৰ্যত ।
কালি নিশাটো ট্রাম্প দম্পতীয়ে মৌর্য হোটেলৰ চতুর্দশ মহলাত থকা বিলাসী চাণক্য চুইটত কটালে ৷ এই বিশেষ চুইটটোৰ দেৱাল ৰেচমেৰে আৱৰা, কাঠৰ ফ্ল’ৰ আৰু সুন্দৰ কলা–কীর্তিৰে পৰিবেষ্টিত৷ ইয়াত আছে অভ্যর্থনা কক্ষ, বৈঠক কক্ষ, এটা অধ্যয়ন কক্ষ, ১২ জনীয়া ডাইনিং ৰুম৷ লগতে আছে মুকুতাৰ কাৰুকার্যৰে আৱৰা বিশাল বার্থৰুমৰ লগতে মিনি–স্পা আৰু জিমনাচিয়ামৰ ব্যৱস্থা আছে৷ ৪,৬০০ বর্গ ফুটৰ এই চাণক্য চুইটৰ এনিশাৰ ভাৰা প্রায় ৮ লাখ টকা ৷
ইফালে, নিশাৰ আহাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্রপতিৰ বাবে বিশেষ আহাৰৰ ব্যৱস্থা কৰা হয় ৷ এই আহাৰত আছিল ট্রাম্প প্লেটাৰ আৰু হোটেল মৌর্যৰ পৰিচয়জ্ঞাপক ডাল বুখাৰাৰ লগতে তণ্ডুৰী ।
উল্লেখ্য যে তদানীন্তন মার্কিন ৰাষ্ট্রপতি বাৰাক অ’বামা, বিল ক্লিণ্টন, জর্জ বুশ্ব ভাৰত ভ্রমণলৈ অহাৰ সময়ত এই আই টি চি মৌর্যতে কটাইছিল৷ তদুপৰি ভাৰতৰ বিশেষ অতিথি ডালাই লামা, টনি ব্লেয়াৰ, ভ্লাডিমিৰ পুটিন, কিং আব্দুল্লাহ আৰু ব্রুনেইৰ ছুলতানো এই হোটেলৰ আলহী হৈছে৷