🔹 একাধিক কাৰ্যসূচীৰে নদুৱাৰ সমষ্টিত মুখ্যমন্ত্ৰী
🔹 ঘোচ-দালালহীনভাৱে ১ লাখ চাকৰি দিলোঁ, শীঘ্ৰেই আৰু ৩৫ হাজাৰক দিয়া হ’ব চাকৰি : মুখ্যমন্ত্ৰী ড০ শৰ্মা
নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী : “বিজেপিৰ দিনত অসমত কেউফালে কামেই কাম হৈছে । এই চৰকাৰৰ দিনত যিমান কাম হৈছে সিমান কাম কোনো চৰকাৰৰ দিনত হোৱা নাই । এটকা নিদিয়াকৈ আৰু চাকৰিৰ নামত দালালহীনভাৱে আমি এক লাখ চাকৰি দিলোঁ । অতি সোনকালেই আমি আৰু ৩৫ হাজাৰ চাকৰি দিম।- এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । উল্লেখযোগ্য যে শোণিতপুৰ জিলাৰ চকীঘাটত ৰাজ্য চৰকাৰে স্থাপন কৰা বহু প্ৰত্যাশিত চৰকাৰী আইন মহাবিদ্যালয়খন আজি আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ ১৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই মহাবিদ্যালয়ৰ লগতে মুঠ ১০খনকৈ আইন মহাবিদ্যালয় ৰাজ্যত নিৰ্মাণ কৰি থকা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে৷ তেওঁ লগতে কয়- গহপুৰত নিৰ্মাণ হৈ উঠিব কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়৷ যি বিশ্ববিদ্যালয়ে চতুৰ্থ উদ্যোগ বিপ্লৱৰ সূচনা কৰিব৷ ইয়াৰ বাবে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু নালন্দা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যকে ধৰি গুৱাহাটী IITৰ সঞ্চালকক লৈ এখন বিশেষ সমিতি গঠন কৰা হৈছে৷ আগন্তুক বিধানসভাত এই বিশ্ববিদ্যালয় গৃহীত হ’ব৷ এমাহৰ ভিতৰত মাটিৰ কাম সম্পূৰ্ণ হ’ব৷ আমি নতুন দিনৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয় অসমবাসীক উপহাৰ দিব বিচাৰিছোঁ, য’ত 3D Technology, AR, Machine Learning ইত্যাদি পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ’ব৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দলৰ মজিয়াত থাকি অসমখনৰ বিকাশত যাতে মনোনিৱেশ কৰিব পাৰে, সেই লক্ষ্যৰে অ-ৰাজনৈতিক ব্যক্তিৰ দলত যোগদান গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি কয়- কাইলৈ চিকিৎসক, অভিযন্তা, চাৰ্টাৰ্ড একাউনটেন্ট আদি লোকে বিজেপি দলত যোগদান কৰিব৷ অৱশ্যে এই যোগদানত ২/৪ জন ৰাজনৈতিক দলৰ ব্যক্তিও থাকিব বুলি লগতে জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ ইফালে, চকীঘাটৰ আশে-পাশে সংৰক্ষণ কৰি ৰখা ১০০০ বিঘা ভূমিৰ ভিতৰত ৩৫০ বিঘা ভূমিত শীঘ্ৰেই Industrial Estate নিৰ্মাণ কৰা হব বুলিও তেওঁ উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ ৰাজ্য চৰকাৰে বিতৰণ কৰা ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰিব লগা সুবিধাসমূহৰ বিষয়েও উল্লেখ কৰে৷ ৰাজ্যত নুমলীগড়ৰ পৰা গোলাঘাটলৈ হ’ব লগা সুৰংগ পথ, কাজিৰঙাৰ উৰণ সেতুৰ লগতে ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ নিৰ্মাণ হোৱা পথ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই বাইক চলাই ভ্ৰমণ কৰিব বুলিও কয়৷ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী লৈ কালি নিশাই জিলাখনৰ নদুৱাৰ সমষ্টিত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । সমষ্টিটোৰ অন্তৰ্গত জামুগুৰিহাটৰ জীয়াভৰলী নৈৰ পাৰত অৱস্থিত বিশাল কৃষিপাম ‘কন্যকা’ত নিশা ১০ বজাত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী । সাংসদ পল্লৱলোচন দাস আৰু পবিত্ৰ মাৰ্ঘেৰিটাক লগত লৈ ‘কন্যকা’ত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীক গায়ন-বায়নেৰে উষ্ম আদৰণি জনোৱা হয়। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে অত্যাধুনিক সা-সুবিধাৰ ব্যৱস্থা থকা এটা শৰীৰ চৰ্চা কেন্দ্ৰৰ শুভ উদ্বোধন কৰে। ইয়াৰ সমান্তৰালভাৱে শীতৰ সেমেকা ৰাতি মুখ্যমন্ত্ৰীগৰাকীয়ে ‘কন্যকা’ৰ বুকুত জুইৰ উম লৈ বিহুনৃত্যও উপভোগ কৰে । এই সময়ছোৱাত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত জীয়াভৰলীৰ পাৰত গঢ় লৈ উঠা ‘কন্যকা’ কৃষিপামৰ বৰ্তমানৰ উন্নয়নমুখী যাত্ৰাক ভূয়সী প্ৰশংসা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কালি নিশাটো কন্যকা কৃষিপামতে কটোৱা শৰ্মাই চতিয়া (বৰ্তমানৰ নদুৱাৰ সমষ্টি) বিধায়ক পদ্ম হাজৰিকাৰ মানস পুত্ৰ তথা তেওঁৰ পোহনীয়া হাতী ‘ৰামু’ক কল আদি ফল-মূল খুৱাই আজি পুৱা ৯’৩০ বজাত ‘কন্যকা’ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে কৃষিপামখনৰ বিশাল গো-শালা পৰিদৰ্শন কৰাৰ লগতে ‘কন্যকা’ৰ নান্দনিক সৌন্দৰ্য্য উপভোগ কৰে। ইফালে, আঠ বছৰৰ পূৰ্বে ‘কন্যকা’ ৰ বুকুত নিজ হাতে ৰোপণ কৰা তথা বৰ্তমান গছে-পাতে জাতিষ্কাৰ হোৱা নিমগছৰ তলতো ক্ষন্তেক জিৰাই নষ্টালজিক হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী। তেওঁ পুৱাই ‘কন্যকা’ৰ সুবিশাল নামঘৰতো সেৱা লয় ।ইয়াৰ পিছতে দুপৰীয়া ১২ বজাত মুখ্যমন্ত্ৰী শৰ্মাই নতুনকৈ জামুগুৰিহাটৰ চৌকীঘাটত নিৰ্মাণ হোৱা চৰকাৰী আইন মহাবিদ্যালয়খনৰ শুভ উদ্বোধন কৰে ৷ আনহাতে, ইয়াৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জামুগুৰিহাটৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত উপস্থিত হয় । মহাবিদ্যালয়ত এন চি চি কেডাৰসকলৰ অভিবাদন গ্ৰহণ কৰাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়খনত নতুনকৈ স্থাপন কৰা ইন্টিগ্ৰেটেড বি এড কলেজৰো শুভ উদ্বোধন কৰে। ইয়াৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক অন্তৰংগ আলাপ অনুষ্ঠানতো অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীতে মুখ্যমন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়খনত এখন অত্যাধুনিক ষ্টেডিয়াম আৰু ছাত্ৰাৱাস নিৰ্মাণৰ বাবে ৩ কোটি ২০ লাখ টকাৰ আৰ্থিক অনুদানো ঘোষণা কৰে । ইয়াৰ পিছতে চতিয়াত নৱনিৰ্মিত এখন আটকধুনীয়া ষ্টেডিয়াম, ত্ৰিশখন বিছনাযুক্ত চতিয়া আদৰ্শ চিকিৎসালয় আৰু পুন:নিৰ্মাণ কৰা নীলিমা ভৱনৰো শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । দিনজোৰা কাৰ্মসূচীৰ শেষত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা সাংস্কৃতিক প্ৰকল্পৰ এক বিশাল দলীয় কৰ্মীসভা সম্বোধন কৰে । এই সমূহ কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীক বিধায়ক পদ্ম হাজৰিকাৰ লগতে শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ প্ৰায়কেইগৰাকী বিধায়কে সংগ দিয়ে ।
প্ৰেৰক হিৰণ্য বৰা