বিহাৰত প্ৰৱেশ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ নীতিশ কুমাৰে কালি কংগ্ৰেছ-আৰজেডিৰ মিত্ৰতা ত্যাগ কৰি এনডিএত যোগদানৰ পিছদিনা আজি ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’বিহাৰত উপস্থিত হয়। যাৰ নেতৃত্ব লৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। কংগ্ৰেছৰ দুৰ্গ হিচাপেও গণ্য কৰা বিহাৰৰ কিষাণগঞ্জ জিলাত উপস্থিত হৈছে তেওঁৰ ন্যায় যাত্ৰা। পশ্চিমবংগৰ উত্তৰ দিনাজপুৰ জিলা হৈ বিহাৰত উপস্থিত হৈছে ৰাহুলৰ ন্যায় যাত্ৰা। যি সময়ত নীতিশ কুমাৰৰ জেডিইউয়ে গ্ৰেণ্ড এলায়েন্স এৰিছে সেই সময়তে ৰাহুল ভ্ৰমণৰ বাবে বিহাৰলৈ আহিছে। সংবাদ সংস্থা পিটিআইৰ মতে, ৰাহুল গান্ধীয়ে শেষবাৰৰ বাবে ২০২০ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাজ্যখন ভ্ৰমণ কৰিছিল। কিশনগড়ক মুছলমানপ্ৰধান অঞ্চল হিচাপে চিহ্নিত কৰা হৈছে আৰু ইয়াৰ পৰাই কংগ্ৰেছে সদায় জয়লাভ কৰি আহিছে। এই সমাৱেশৰ জৰিয়তে ৰাহুল গান্ধীয়েও বিহাৰত লোকসভা নিৰ্বাচনৰ পূৰ্বে দলটোক প্ৰচাৰ কৰিব বিচাৰিছে। মণিপুৰৰ পৰা আৰম্ভ হৈছে ভাৰত জোড়ো ন্যায় যাত্ৰা, যিটো এতিয়া অৰুণাচল প্ৰদেশ, অসম, পশ্চিমবংগ হৈ ইয়ালৈ গৈছে। কিষানগঞ্জত ৰাহুল গান্ধীয়ে ৰাজহুৱা সভাত ভাষণ দিব বুলি কংগ্ৰেছ নেতা শ্বকিল আহমেদ খানে কয়। ইয়াৰ পিছত মঙলবাৰে (৩০ জানুৱাৰী) পূৰ্ণিয়াত আৰু বুধবাৰে (৩১ জানুৱাৰী) কাটিহাৰত ডাঙৰ ৰেলী অনুষ্ঠিত কৰিব। স্থানীয় কংগ্ৰেছ আৰু আৰজেডিৰ নেতাসকলে এই সমাৱেশত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। বিহাৰ কংগ্ৰেছৰ সভাপতি অখিলেশ প্ৰসাদ সিঙে কয় যে বৃহস্পতিবাৰে (১ ফেব্ৰুৱাৰী) ৰাহুলে আৰৰিয়া জিলা হৈ বংগত উপস্থিত হ’ব। কিছুদিনৰ পাছত আকৌ এবাৰ ঝাৰখণ্ড হৈ বিহাৰলৈ উভতি আহিব ৰাহুলৰ ন্যায় যাত্ৰা। ৰাহুলে আৰৰিয়াতো ৰাইজক সম্বোধন কৰাৰ সম্ভাৱনা আছে। কংগ্ৰেছেও এই সমাৱেশৰ জৰিয়তে নিজৰ নিৰ্বাচনী বাৰ্তা ৰাইজৰ মাজলৈ প্ৰেৰণ কৰিব বিচাৰিছে।