নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিমিক পাঁচ বছৰলৈ অবৈধ সংগঠন হিচাপে ঘোষণা কেন্দ্ৰৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ‘ভাৰতীয় ছাত্ৰ ইছলামিক আন্দোলন’(এছআইএমআই)ৰ ওপৰত থকা নিষেধাজ্ঞা ৫ বছৰৰ বাবে বৃদ্ধি কৰিছে। গৃহ মন্ত্ৰালয়ে আজি এক্সত এটা পোষ্টৰ জৰিয়তে এই নিষেধাজ্ঞা বৃদ্ধিৰ নিৰ্দেশৰ তথ্য শ্বেয়াৰ কৰে। গৃহ মন্ত্ৰ্যালয়ে পোষ্টটোত লিখিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ পন্থাৰ লগত সংগতি ৰাখি ‘ছাত্ৰ ইছলামিক মুভমেণ্ট অৱ ইণ্ডিয়া’ (ছিমি)ক অহা পাঁচ বছৰলৈ ইউএপিএৰ অধীনত অবৈধ সংগঠন হিচাপে ঘোষণা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ হৈ কোৱা হৈছে যে ছিমি ভাৰতৰ সাৰ্বভৌমত্ব, নিৰাপত্তা আৰু অখণ্ডতাক বিপদত পেলোৱা, সন্ত্ৰাসবাদক প্ৰসাৰিত কৰা, শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰাত জড়িত বুলি ধৰা পৰিছে। বিগত বৰ্ষত কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰি ভাৰতীয় ছাত্ৰ ইছলামিক আন্দোলন (SIMI)ৰ ওপৰত নিষেধাজ্ঞাৰ ন্যায্যতা প্ৰদান কৰিছিল। কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা শপতনামাত ছিমি ভাৰতীয় জাতীয়তাবাদৰ বিৰোধী বুলি কোৱা হৈছিল। কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত কয় যে ভাৰতত ইছলামিক শাসন প্ৰতিষ্ঠা কৰা যিকোনো সংগঠনৰ অস্তিত্ব থাকিবলৈ দিব নোৱাৰি। কেন্দ্ৰই শপতনামাত অভিযোগ কৰিছে যে ছিমিৰ উদ্দেশ্য দেশৰ আইনৰ বিপৰীত, কিয়নো সংগঠনটোৰ লক্ষ্য হৈছে ইছলামৰ প্ৰচাৰত ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীক একত্ৰিত কৰা আৰু জেহাদৰ প্ৰতি সমৰ্থন আহৰণ কৰা। উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত কোৱা হৈছে যে বহু বছৰ ধৰি নিষেধাজ্ঞা আৰোপ কৰি থকাৰ পিছতো ছিমিয়ে বিভিন্ন সংগঠনৰ জৰিয়তে অবৈধ কামত লিপ্ত হৈ আহিছে, সেয়েহে তেওঁৰ বিৰুদ্ধে নতুনকৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কেন্দ্ৰই ছিমি নিষিদ্ধ কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ক আবেদন খাৰিজ কৰিবলৈ অনুৰোধ জনাইছিল।

You might also like