নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীৰ্ঘ স্বস্তি : টীম ইণ্ডিয়াত দলভুক্ত ছৰফৰাজ খান

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে পুৰস্কাৰ লাভ কৰিছে ছৰফৰাজ খানে। আচলতে ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ বাবে ছৰফৰাজ খানক টীম ইণ্ডিয়াত দলভুক্ত কৰা হৈছে। শেহতীয়াকৈ ছৰফৰাজ খানে ইণ্ডিয়া-এৰ হৈ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল। দীৰ্ঘদিন ধৰি ইণ্ডিয়া-এ আৰু ঘৰুৱা ক্ৰিকেটত ছৰফৰাজ খানে ৰান সংগ্ৰহ কৰি আছিল যদিও টীম ইণ্ডিয়াত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল যদিও এতিয়া ছৰফৰাজ খানে টীম ইণ্ডিয়াত যোগদানৰ আহ্বান লাভ কৰিছে। হায়দৰাবাদ টেষ্টত ভাৰতীয় দলটোৱে ২৮ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। এইদৰে ৫ টেষ্ট মেচৰ শৃংখলাত ইংলেণ্ড দল ১-০ গ’লত আগবাঢ়ি আছে। ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ দ্বিতীয়খন টেষ্ট ২ ফেব্ৰুৱাৰীৰ পৰা বিশাখাপট্টনমত অনুষ্ঠিত হ’ব। ছৰফৰাজ খানে ইংলেণ্ডৰ বিৰুদ্ধে বিশাখাপট্টনম টেষ্টত অভিষেক ঘটাব পাৰিব বুলি ধাৰণা কৰা হৈছে।

You might also like