নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা বাৰপূজীয়াত সাহিত্য সভাৰ বিশেষ বার্ষিক অধিৱেশন

🔹 ২ ফেব্রুৱাৰীত মুখ্যমন্ত্রী ড০ শর্মাৰ অংশগ্রহণ

নিয়মীয়া বার্তা, ৩০ জানুৱাৰী : অসম সাহিত্য সভাৰ একাদশ বিশেষ বার্ষিক বাৰপূজীয়া অধিৱেশনৰ বিস্তৃত কার্যসূচী কালি প্রকাশ কৰিছে আদৰণী সমিতিয়ে৷ প্রকাশিত কার্যসূচী অনুসৰি, ৩১ জানুৱাৰীৰ পুৱা ৮.৩০ বজাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান আঁহতগুৰিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্রতিমূর্তিত শ্রদ্ধাঞ্জলি জনাই অধিৱেশনৰ শুভাৰম্ভ কৰিব অসম সাহিত্য সভাৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকা, উপ–সভাপতি ডাঃ গিৰীশ সন্দিকৈ, প্রধান সম্পাদক ড০ উপেন্দ্রজিৎ শর্মাৰ লগতে কার্যনির্বাহকে৷ পুৱা ১০ বজাত পাঁচোৰজা সমন্বয় ক্ষেত্রৰ মূল তোৰণ আৰু সমন্বয় ক্ষেত্র উদ্বোধন কৰিব অসম সাহিত্য সভাৰ প্রাক্তন উপ–সভাপতি মৃণালিনী দেৱীয়ে৷ ইয়াৰ লগতে পাঁচোৰজাৰ সোঁৱৰণত বন্তি প্রজ্বলন কৰিব পাঁচোৰজাৰ পৰিয়ালে৷ শ্রীমন্ত শংকৰদেৱৰ প্রতিচ্ছবিত বন্তি প্রজ্বলন কৰিব মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্র শইকীয়াই৷ অসম সাহিত্য সভাৰ প্রতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ প্রতিচ্ছবিত মাল্যার্পণ আৰু বন্তি প্রজ্বলন কৰিব নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই৷ অসম সাহিত্য সভাৰ প্রতিষ্ঠাপক সম্পাদক শৰৎ চন্দ্র গোস্বামীৰ প্রতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্রজ্বলন কৰিব আদৰণী সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীয়ে৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্রতিচ্ছবিত বন্তি প্রজ্বলন কৰিব মৰিগাঁও জিলা সাহিত্য সভাৰ প্রতিষ্ঠাপক সভাপতি নৰেন্দ্র নাথ কেওটে৷ নাট্যমঞ্চ উদ্বোধন কৰিব মৰিগাঁও জিলা শ্রীমন্ত শংকৰদেৱ সংঘৰ অতুল দাসে৷ গ্রন্থমেলা আৰু প্রদর্শনী (২নং তোৰণ) দ্বাৰ উন্মোচন কৰিব মায়ং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মহানন্দ বৰাই৷ ৩নং তোৰণ উদ্বোধন কৰিব বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্রাপ্ত অধ্যক্ষ কুমুদ চন্দ্র বৰদলৈয়ে৷ মূল মণ্ডপ উদ্বোধন কৰিব মিকিৰভেটা ৰাজহ চক্রৰ চক্র বিষয়া নিকুঞ্জ কুমাৰ দাসে৷ গ্রন্থমেলা আৰু প্রদর্শনীৰ দ্বাৰ উন্মোচন কৰিব মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে৷ বিশিষ্ট সাহিত্যিক গণেশ সেনাপতি সোঁৱৰণী মণ্ডপ উদ্বোধন কৰিব তিৱা স্বায়ত্ত পৰিষদৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাডুকাকতিয়ে৷ ভাষা শ্বহীদ সূর্য বৰা সোঁৱৰণী গ্রন্থমেলাৰ মঞ্চ উদ্বোধন কৰিব মৰিগাঁও জিলা ট্ৰাইবেল সংঘৰ সভাপতি প্রণৱজ্যোতি মছৰঙে৷ মাল্যাৰ্পণ আৰু বন্তি প্রজ্বলন কৰিব ডাঃ পুনিৰাম পাটৰ আৰু মৰিগাঁও জিলা ছাত্র সন্থাৰ সভাপতি দিপুল কুমাৰ নাথে৷ বাণিজ্য মেলা উদ্বোধন কৰিব বিশিষ্ট ব্যৱসায়ী মাতুৰাম শর্মাই৷ ক্ষেত্রৰ অস্থায়ী কার্যালয়ৰ তোৰণ মুকলি কৰিব মৰিগাঁও ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিষ্ণুপ্রসাদ উপাধ্যায়ে৷ মূল মঞ্চ উদ্বোধন কৰিব ৰহা ৰাজহ চক্রৰ চক্র বিষয়া সুপ্রভা ৰয়ে ৷ গ্রন্থমেলা ক্ষেত্রৰ মঞ্চ উদ্বোধন কৰিব চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমল চন্দ্র নাথে৷ দিনৰ ১২.৩০ বজাত মে–ডাম–মে–ফী উদযাপন৷ বিয়লি ৪ বজাত অসম সাহিত্য সভাৰ চতুর্থ পূর্ণাংগ কার্যনির্বাহক সভা উদ্বোধন কৰিব মৰিগাঁও জিলা আয়ুক্ত দেৱাশিস শর্মাই৷ সভাত আদৰণী ভাষণ দিব আদৰণী সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীয়ে৷ সন্ধিয়া ৫ বজাত প্রতিনিধি শিবিৰ মুকলি আৰু নাম পঞ্জীয়ন উদ্বোধন কৰিব বিশিষ্ট জীৱনীকাৰ হৰেন গগৈয়ে৷ আনহাতে, ১ ফেব্রুৱাৰীৰ পুৱা ৮.৪৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব কেন্দ্রীয় সমিতিৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকাই৷ মূল পতাকা উত্তোলনৰ লগে লগে প্রথম চক্রত ১১খন আৰু দ্বিতীয় চক্রত ১০৭খন পতাকা বিভিন্নজনে উত্তোলন কৰিব৷ পুৱা ৯ বজাত স্মৃতি তর্পণ কৰিব মৰিগাঁও জিলা কর্মচাৰী পৰিষদৰ সম্পাদক খগেন মহন্তই৷ পুৱা ৯.৩০ বজাত শ্বহীদ তর্পণ কৰিব আছুৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধিয়ে৷ পুৱা ১০.৩০ বজাত বিশিষ্ট সাহিত্যিক বলাইৰাম সেনাপতি সোঁৱৰণী সাহিত্য সন্মিলন, স্মৃতিগ্রন্থ আৰু অন্যান্য গ্রন্থ উন্মোচনী সভা৷ অসম সাহিত্য সভাৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া সভাখন উদ্বোধন কৰিব অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি কনকসেন ডেকাই৷ সভাত আদৰণী ভাষণ পাঠ কৰিব আদৰণী সমিতিৰ কার্যকৰী সভাপতি ড০ বিৰিঞ্চি কুমাৰ শর্মাই৷ সভাতে বাৰপূজীয়া অধিৱেশনৰ স্মৃতিগ্রন্থ ‘বাৰপূজীয়া’ উন্মোচন কৰিব বিশিষ্ট গৱেষক পণ্ডিত ড০ নৰেন কলিতাই, সভাত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ উপ–সভাপতি ডাঃ গিৰীশ সন্দিকৈ, অসম চৰকাৰৰ উচ্চ শিক্ষা সচিব নাৰায়ণ কোঁৱৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাক্তন ৰবীন্দ্রনাথ ঠাকুৰ অধ্যাপক তথা কলাগুৰু ড০ উমেশ ডেকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যাপক ড০ দীপ্তি ফুকন পাটগিৰি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ উপেন ৰাভা হাকাচাম, ড০ জয়শ্রী গোস্বামী মহন্ত, উপেন্দ্র বৰকটকী, গুণীন হাজৰিকা, ধীৰেন শর্মাই৷ সন্মানীয় অতিথি হিচাপে গোবিন্দ টাইড, কমলাকান্ত মুছাহাৰী, ৰমেশ থাওচেনৰ লগতে দেউৰী সাহিত্য সভা, ডিমাচা সাহিত্য সভা, নেপালী সাহিত্য সভা, নিখিল ৰাভা সাহিত্য সভা, কার্বি লাম্মেত আমে, মিচিং সাহিত্য সভা, পূর্বাঞ্চল তাই সাহিত্য সভা, বড়ো সাহিত্য সভা, তিৱা সাহিত্য সভা, মৰাণ সাহিত্য সভা, চাহ জনগোষ্ঠী সাহিত্য সভা, সোণোৱাল কছাৰী সাহিত্য সভা, চৰ–চাপৰি সাহিত্য সভা, কোচ ৰাজবংশী সাহিত্য সভা, নিখিল বিষ্ণুপ্রিয়া মণিপুৰী সাহিত্য পৰিষদ, আন্তঃৰাষ্ট্রীয় চাওতালী পৰিষদ, শৰণীয়া কছাৰী সাহিত্য সভা, গাৰো সাহিত্য সভা, অসম মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি–সম্পাদকে অংশগ্রহণ কৰিব৷ বিয়লি ৩ বজাত শংকৰদেৱ বঁটাপ্রাপক ‘ইলাৰাম দাস সোঁৱৰণী জাতীয় বৌদ্ধিক সন্মিলন উদ্বোধন কৰিব শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ অনুষ্ঠানটোত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ মৃদুল হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া সন্মিলনত সন্মানীয় অতিথি হিচাপে প্রাক্তন উপাচার্য অধ্যাপক ড০ দীপক কুমাৰ শর্মা, প্রাক্তন উপাচার্য অধ্যাপক ড০ মালিনী গোস্বামী, উপাচার্য ড০ দীনেশ বৈশ্য, শ্রীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্রনাথ ডেকা, আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য, আনন্দৰাম বৰুৱা ভাষা–কলা–সংস্কৃতি সংস্থাৰ সঞ্চালক ড০ দিলীপ কলিতা, অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই অংশগ্রহণ কৰিব৷ বিয়লি ৫ বজাত সাহিত্যিক কিনাৰাম নাথ সোঁৱৰণী প্রতিনিধি সভা উদ্বোধন কৰিব অসম সাহিত্য সভাৰ উপ–সভাপতি ভূপেন শইকীয়াই৷ আদৰণী ভাষণ দিব আদৰণী সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীয়ে৷ সন্ধিয়া ৬ বজাত মুক্তিযোদ্ধা নন্দীৰাম ডেকা, মোহনসিং ডেকা, লালসিং ডেকা সোঁৱৰণী মঞ্চত লোক–সংস্কৃতিবিদ, গৱেষক–সাহিত্যিক ড০ নবিন চন্দ্র শর্মা সোঁৱৰণী সাংস্কৃতিক সন্মিলন আৰু সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট শাস্ত্রীয় সংগীত শিল্পী ড০ ৰাণু বৈশ্যই৷ আলোচক বিশিষ্ট সংগীত শিল্পী কমল কটকী, অনুষ্ঠানত অসমৰ জনপ্রিয় শিল্পীসকলে সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰিব৷ ইপিনে, ২ ফেব্রুৱাৰীৰ পুৱা ৯ বজাত শিক্ষাবিদ ভোগনাথ দেউৰী সোঁৱৰণী বুৰঞ্জী সন্মিলন উদ্বোধন কৰিব গৱেষক, সাহিত্যিক ড০ শৰৎ ফুকনে, মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ মৃণাল কুমাৰ বৰাই সঞ্চালনা কৰিবলগীয়া আলোচনা–চক্রত বিশিষ্ট বুৰঞ্জীবিদ মনেশ্বৰ দেউৰী, বিশিষ্ট বুৰঞ্জীবিদ ড০ হাতেম আলী, ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান হাজৰিকা, বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাটৰে অংশগ্রহণ কৰিব৷ দিনৰ ১১ বজাত অসম সাহিত্য সভাৰ সভাপতিক লৈ বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই৷ বিয়লি ১ বজাত বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি সোঁৱৰণী প্রথম মুকলি সভা উদ্বোধন কৰিব অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ডাঃ ধ্রুৱজ্যোতি বৰাই৷ ড০ সূর্যকান্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া সভাত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, পৰম সন্মানীয় অতিথি হিচাপে ওড়িশাৰ বিশিষ্ট সংস্কৃত পণ্ডিত ড০ সম্পদানন্দ মিশ্র, সন্মানীয় অতিথি হিচাপে অসম সাহিত্য সভাৰ প্রাক্তন সভাপতিসকল ক্রমে ড০ নগেন শইকীয়া, ৰংবং তেৰাং, ইমৰান শ্বাহ, প্রাক্তন ভাৰপ্রাপ্ত সভাপতি প্রহ্লাদ চন্দ্র তাছাই অংশগ্রহণ কৰিব৷ বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ বর্তমানৰ উপ–সভাপতি আৰু প্রাক্তন উপ–সভাপতি ডাঃ গিৰীশ সন্দিকৈ, ইদ্রিছ আলী, সতীশ চন্দ্র চৌধুৰী, কনক চন্দ্র শর্মা, ভূপেন শইকীয়া, ড০ পৰাগ কুমাৰ ঠাকুৰ, ড০ হেমন্ত কুমাৰ বৰুৱা, মৃণালিনী দেৱী, পাচুগোপাল চক্রৱর্তী, প্রাক্তন উপাচার্য তথা ‘দৈনিক অসম’ৰ সম্পাদক ড০ হিতেশ ডেকা, নাহেন্দ্র পাদুন, ড০ বসন্ত কুমাৰ গোস্বামী, ড০ জগদীশ পাটগিৰি, প্রতাপ চন্দ্র বৰুৱা, পদুম ৰাজখোৱা, যাদৱ চন্দ্র শর্মাই অংশগ্রহণ কৰিব৷ আমন্ত্রিত অতিথি হিচাপে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্রমা, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী কেশৱ মহন্ত, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাস, বিত্ত বিভাগৰ মন্ত্রী অজন্তা নেওগ, ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ তথা বিধায়ক ৰমাকান্ত দেউৰী, কার্বি স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য জীৱন চন্দ্র কোঁৱৰে অংশগ্রহণ কৰিব৷ বিয়লি ৪.৩০ বজাত বিশিষ্ট সাংবাদিক কনক চন্দ্র ডেকা সোঁৱৰণী সাংবাদিক সন্মিলন আৰু সম্বর্ধনা অনুষ্ঠান উদ্বোধন কৰিব ‘অসমীয়া প্রতিদিন’ কাকতৰ সম্পাদক জয়ন্ত বৰুৱাই৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য তথা ‘দৈনিক অসম’ৰ প্রাক্তন সম্পাদক অধ্যাপক ড০ অমৰজ্যোতি চৌধুৰীয়ে সঞ্চালনা কৰিবলগীয়া অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক নৰেশ কলিতা, ‘দৈনিক অসম’ কাকতৰ সহযোগী সম্পাদক বেদব্রত মিশ্র, ‘অসমীয়া প্রতিদিন’ কাকতৰ জ্যেষ্ঠ সাংবাদিক প্রকাশ মহন্তই অংশগ্রহণ কৰিব৷ সন্ধিয়া ৬.৩০ বজাত বিশিষ্ট সাহিত্যিক, শিল্পী ড০ বীৰেন্দ্রনাথ দত্ত সোঁৱৰণী সাংস্কৃতিক সন্মিলন আৰু সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব মৰিগাঁও জিলা আয়ুক্ত দেৱাশিস শর্মাই৷ আকাশবাণী গুৱাহাটী কেন্দ্রৰ অৱসৰপ্রাপ্ত বিষয়া তথা বিশিষ্ট নাট পৰিচালক নয়ন প্রসাদৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট চলচ্চিত্র, নাটকৰ অভিনেতা উপকূল বৰদলৈ, বিশিষ্ট নাট্যকাৰ নৰেন পাটগিৰিয়ে অংশগ্রহণ কৰিব৷ সাংস্কৃতিক অনুষ্ঠানত অসমৰ প্রতিষ্ঠিত প্রবীণ শিল্পীসকলে গীত পৰিৱেশন কৰিব৷ ৩ ফেব্রুৱাৰীৰ পুৱা ১০ বজাত স্বাধীনতা সংগ্রামী প্রাক্তন মন্ত্রী শৰৎ চন্দ্র গোস্বামী সোঁৱৰণী অসমৰ জনগোষ্ঠীয় ছাত্র–যুৱ সন্মিলন উদ্বোধন কৰিব সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শর্মাই৷ ডাঃ গিৰীশ সন্দিকৈয়ে সঞ্চালনা কৰিবলগীয়া সন্মিলনত আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সভাপতি পলাশ চাংমাই, সদৌ তিৱা ছাত্র সন্থাৰ সভাপতি চেনিৰাম মালাং, নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি দীপেন বডো, সদৌ অসম ট্ৰাইবেল সংঘৰ প্রধান সম্পাদক আদিত্য খাখলাৰী, শ্রীমন্ত শংকৰদেৱ সংঘৰ প্রাক্তন প্রধান সম্পাদক বাবুল বৰা, একশৰণ ভাগৱতী সমাজৰ প্রধান সচিব জ্যোতিপ্রসাদ দাস, ৰাভা ছাত্র সন্থাৰ সভাপতি নৃপেন খান্দা, মিচিং ছাত্র সন্থাৰ সভাপতি তিলক দলেকে ধৰি তাই–আহোম ছাত্র সন্থা, সদৌ অসম গৰিয়া–মৰিয়া দেশী জাতীয় পৰিষদ, সদৌ কোচ ৰাজবংশী ছাত্র সন্থা, মটক ছাত্র সন্মিলন, মৰাণ ছাত্র সন্থা, চুতীয়া ছাত্র সন্থা, চাহ জনজাতি ছাত্র সন্থা, সোণোৱাল কছাৰী ছাত্র সন্থা, কার্বি ছাত্র সন্থা, ডিমাচা ছাত্র সন্থা, হাজং ছাত্র সন্থা, আদিবাসী ছাত্র সন্থা, সদৌ অসম দেউৰী ছাত্র সন্থা, ট্ৰাইবেল লীগ অসমৰ সভাপতি আৰু সম্পাদকসকলে অংশগ্রহণ কৰিব৷ বিয়লি ১ বজাত বিশিষ্ট সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰা সোঁৱৰণী দ্বিতীয় মুকলি সভা উদ্বোধন কৰিব অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ কুলধৰ শইকীয়াই৷ আদৰণী সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীয়ে আদৰণি পাঠ কৰিবলগীয়া মুকলি সভাখনত সভাপতিত্ব কৰিব কেন্দ্রীয় সমিতিৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকাই৷ মুকলি সভাখনত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে৷ সভাত বিশিষ্ট অতিথি হিচাপে বর্তমানৰ উপ–সভাপতি ডাঃ গিৰীশ সন্দিকৈ, প্রাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশী, প্রাক্তন উপ–সভাপতি মৃণালিনী দেৱী, পৰম সন্মানীয় অতিথি হিচাপে মণিপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু সংস্কৃতি অধ্যয়ন বিভাগৰ মুৰব্বী অধ্যাপক ড০ আইৰম গম্ভীৰ সিং, সন্মানীয় অতিথি হিচাপে মন্ত্রী অতুল বৰা, প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত, প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোহাঁই, নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্রদ্যুৎ বৰদলৈ, কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, মন্ত্রী বিমল বড়া, বি টি আৰৰ চি ই এম প্রমোদ বড়ো, চামগুৰি, নগাঁও, বটদ্রৱা, ৰহা, লাহৰীঘাট, ধিং, বঢ়মপুৰ, যমুনামুখ, হোজাই, লামডিং বিধানসভা সমষ্টিৰ বিধায়কসকলৰ লগতে প্রাক্তন মন্ত্রী গিৰীন্দ্র কুমাৰ বৰুৱা, বুবুল দাস, উমেশ দাসে অংশগ্রহণ কৰিব৷ বিয়লি ৪ বজাত জ্ঞানপীঠ বঁটাপ্রাপক জাতীয় কবি নীলমণি ফুকন সোঁৱৰণী কবি সন্মিলন উদ্বোধন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট কবি ড০ এম কামালুদ্দিন আহমেদে৷ বিশিষ্ট কবি ড০ পূর্ণ ভট্টাচার্যই সঞ্চালনা কৰিবলগীয়া কবি সন্মিলনখনত বিশিষ্ট অতিথি হিচাপে বিশিষ্ট কবিসকল ক্রমে অনুভৱ তুলসী, জীৱন নৰহ, হৰেন্দ্র বৰাই অংশগ্রহণ কৰিব৷ সন্ধিয়া ৬.৩০ বজাত স্বাধীনতা সংগ্রামী বিশিষ্ট সমাজকর্মী শশীকান্ত হাজৰিকা সোঁৱৰণী সাংস্কৃতিক সন্মিলন আৰু সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট অভিনেত্রী আইমী বৰুৱাই৷ বিশিষ্ট লোক–সংগীতৰ গৱেষক–সাহিত্যিক ড০ অনিল শইকীয়াৰ সঞ্চালনাত ‘অসমীয়া লোক–সংগীত পৰম্পৰা’ শীর্ষক অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে লোক– সংগীত শিল্পী ধনদা পাঠক, বিশিষ্ট অতিথি হিচাপে গোৱালপাৰীয়া লোক–সংগীতৰ বিশিষ্ট শিল্পী মিনি ভট্টাচার্য, প্রবীণ শিল্পী অশোক ডেকা, বাণী দাস, সপোনটি বৰদলৈয়ে অংশগ্রহণ কৰিব৷ সাংস্কৃতিক অনুষ্ঠানত জনপ্রিয় কণ্ঠশিল্পী জুবিন গার্গ আৰু তৰালী শর্মাৰ গীতৰ অনুষ্ঠানেৰে অধিৱেশনৰ সামৰণি পৰিব৷

অসম সাহিত্য সভাৰ বাৰপূজীয়া বিশেষ বার্ষিক অধিৱেশনলৈ মুখ্যমন্ত্রীক
তামোল–পাণৰ শৰাই দি আমন্ত্রণ

অসম সাহিত্য সভাৰ একাদশ বিশেষ বার্ষিক বাৰপূজীয়া অধিৱেশনৰ প্রথম মুকলি সভাত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত থাকিব বুলি আদৰণী সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীয়ে জানিবলৈ দিছে৷ কালি বিয়লি অসমীয়া সমাজৰ পৰম্পৰা মতে মুখ্যমন্ত্রী ড০ শর্মাক তামোল–পাণৰ শৰাই আগবঢ়াই, পাটৰ গামোচাৰে সম্ভাষণ জনাই অধিৱেশনৰ প্রথম মুকলি সভালৈ আমন্ত্রণ জনায়৷ অসম সাহিত্য সভাৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকা, আদৰণী সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰী, কার্যকৰী সভাপতি ড০ বিৰিঞ্চি কুমাৰ শর্মা, আদৰণী সমিতিৰ উপ–সভাপতি কেশৱ লাহন, বিৰিঞ্চি কুমাৰ ডেকা আৰু মুন ঠাকুৰীয়াই মুখ্যমন্ত্রী শর্মাক শৰাই আগবঢ়াই অধিৱেশনলৈ আমন্ত্রণ জনায়৷ মুখ্যমন্ত্রীয়ে অধিৱেশনলৈ যাব বুলি সাহিত্য সভাৰ সঁজাতী দলটোক কথা দিয়ে বুলি আদৰণী সমিতিয়ে জানিবলৈ দিছে ৷

প্ৰেৰক মানস নাথ

 

You might also like