৪ ফেব্রুৱাৰীত খানাপাৰাত বিশাল ৰাজহুৱা সভা
১০ হাজাৰ কোটি টকাৰ একাধিক প্রকল্পৰ কৰিব আধাৰশিলা স্থাপন
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জানুৱাৰীঃ অহা ৩ ফেব্রুৱাৰীত দুদিনীয়া কার্যসূচীৰে অসমলৈ আহিব দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ লগতে অসমত লোকসভা নির্বাচনক লৈ ৰাজ্যৰ শাসকীয় বিজেপিয়ে চলাই আছে পূর্ণ প্রস্তুতি। ৰাজ্য চৰকাৰৰ কেইবাটাও প্রকল্পৰ আধাৰশিলা স্থাপনৰ বাবে অসমলৈ আহিবলগা প্রধানমন্ত্রীগৰাকীয়ে ৪ ফেব্রুৱাৰীত খানাপাৰা খেলপথাৰত এক বিশাল জনসভা সম্বোধন কৰিব৷ উক্ত দিনাই প্রধানমন্ত্রীগৰাকীয়ে প্রায় ১০ হাজাৰ কোটি টকাৰ কেইবাটাও প্রকল্পৰ আধাৰশিলাও স্থাপন কৰিব৷ উল্লেখ্য যে লোকসভা নির্বাচনৰ বাবে ইতিমধ্যে বিশেষ তৎপৰতা আৰম্ভ কৰা শাসকীয় দলটোৱে সাংগঠনিক কাম-কাজ পূর্ণগতিত চলাই গৈছে৷ অতি শেহতীয়াকৈ দলটোৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই গুৱাহাটী ভ্রমণ কৰি নির্বাচনৰ ৰণডংকা বজাই গৈছিল৷ ইয়াৰ পিছতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অসম ভ্রমণ কৰি নির্বাচনৰ বাবে দলীয় কর্মী-কার্যকর্তাক নির্বাচনৰ বাবে সাজু হ’বলৈও আহ্বান জনাই গৈছিল৷ বিজেপিৰ দুগৰাকীকৈ ৰাষ্ট্রীয় নেতা তথা শীর্ষ নেতাৰ অসম ভ্রমণৰ পাছত এইবাৰ প্রধানমন্ত্রীৰ আগমনে স্বাভাৱিকতে বিজেপিৰ দলীয় কর্মীক উৎসাহিত কৰি তুলিব৷ ইফালে প্রধানমন্ত্রীৰ আগমনক কেন্দ্র কৰি আজি মুখ্যসচিবৰ অধ্যক্ষতাত এক গুৰুত্বপূর্ণ পর্যালোচনা বৈঠক অনুষ্ঠিত হয়৷ দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত প্রধানমন্ত্রীগৰাকীৰ্ দুদিনীয়া কার্যসূচীৰ লগতে আধাৰশিলা স্থাপন কৰিবলগা কেইবাটাও প্রকল্প সন্দর্ভতো বিস্তৃত আলোচনা অনুষ্ঠিত হয়৷