নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ণিল কাৰ্যসূচীৰে দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ অধিৱেশনৰ সামৰণি

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰী : গোৱালপাৰা জিলাৰ দৰংগিৰি নেহৰু বজাৰ খেলপথাৰত দৰংগিৰি ৰাভা শাখা সমাজৰ সৌজন্যত অনুষ্ঠিত ৰাভা জনগোষ্ঠীৰ অন্যতম জাতীয় সামাজিক অনুষ্ঠান দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ ৬১সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি সফল সামৰণি পৰে ৷ যোৱা ৩০ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজ, ৰাভা মহিলা সমাজ আৰু ৰাভা যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত অধিৱেশনত উখল-মাখল পৰিৱেশে বিৰাজ কৰাৰ লগতে ৰাভা যুৱক-যুৱতী, পুৰুষ-মহিলা সকলোয়ে ৰাভা জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰাত অধিৱেশনস্থলী ৰঙীন হৈ পৰাৰ উপৰি ৰাভা গীত-নৃত্য, কৃষ্টিৰে জীপাল হৈ পৰে অধিৱেশনথলী ৷ অধিৱেশনৰ তিনিওটা দিনে আয়োজক সমিতিয়ে সজোৱা বৰ্ণীল কাৰ্যক্ৰমণিকাৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ হোৱাৰ লগতে মূল আকৰ্ষণীয় কাৰ্যসূচী ৰাভা জাতীয় সাংস্কৃতিক শোভাযাত্ৰাত ৰাভা জনগোষ্ঠীৰ বিভিন্ন কৃষ্টি দ’লৰ লগতে বিভিন্ন জাতি-জনগোষ্টীৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে৷ বিভিন্ন কৃষ্টি দলৰ লগতে কেইবাসহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই মুগ্ধ কৰি তোলে সকলোকে ৷ আনহাতে অধিৱেশনৰ মূল কাৰ্যসূচী হিচাপে আয়োজিত মুকলি সভাত কেইবাজনো বিশিষ্ট অতিথি উপস্থিত থকাৰ লগতে কেইবাজনো বৰেণ্য ব্যক্তি, কেইবাটাও দিশত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিৰ লগতে কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় ৷ দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ সভাপতি বিচিত্ৰ নাৰায়ণ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই তেওঁৰ ভাষণত কয় ” বিদেশী আগ্ৰাসনৰ পৰা অসমক ৰক্ষা কৰিবলৈ হ’লে “ৰাভা হাছঙক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিবই লাগিব,কিয়নো ৰাভা হাছঙৰ সীমামূৰীয়া এলেকা সমূহ বিদেশীৰ চৰণীয়া পথাৰ। লগতে তেওঁ কয়- যিহেতু ইতিমধ্যে অসম চৰকাৰৰ কেবিনেটত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদক সংবিধানিক মৰ্যদা দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাব প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।সেয়ে এই প্ৰস্তাব শীঘ্ৰে প্ৰেৰণ কৰিবৰ বাবে অসম চৰকাৰক দাবী জনায় ।লগতে ৰাভা জাতীয় সংগঠন সমূহকো ধাৰাবাহিক ভাবে চৰকাৰৰ ওচৰত এই দাবী উত্থাপন কৰিবৰ বাবে আহবান জনায়। আনহাতে বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি নন্দিনীৰ সম্পাদক মাইনী মহন্তই তেওঁৰ ভাষণত কয়- আমি অসমত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক সকলে অনৈক্যৰ মাজত ঐক্য হৈ একেলগে জীয়াই থাকিব লাগিব ।লগতে তেওঁ কয় -কলম্বাছে আমেৰিকা আবিস্কাৰ কৰাৰ সময়ত আমেৰিকাত প্ৰায় পাঁচ শ জাতি-জনগোষ্ঠীৰ লোক আছিল।কিন্ত্ত আধুনিকতাৰ কৰাল গ্ৰাসত পৰি সেই জাতি-জনগোষ্ঠী সমূহৰ ভাষা ,কৃষ্টি-সংস্কৃতি সকলো বোৰ নি:শেষ হৈ গৈছিল।আমি যাতে আমাৰ নিজস্ব ভাষা,কৃষ্টি-সংস্কৃতি হেৰাই যাবলৈ নিদিও ।ইয়াৰ উপৰিও তেওঁ ।”নিৰ্দিষ্ট বক্তা হিচাপে নিখিল ৰাভা জাতীয় পৰিষদৰ সভাপতি বাবুল ৰাভা আৰু, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খাণ্ডা উপস্থিত থাকে৷ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খাণ্ডাই শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয়, ব্যক্তি এগৰাকীয়ে ভাল পোৱাৰ ওপৰত সফলতা প্ৰাপ্তি নহয়, প্ৰতিযোগিতামুলক পৰীক্ষাকে ধৰি বিভিন্ন দিশত সফলতা লাভ কৰিব লাগিলে নিজে কৰি বেয়া পোৱা কামো কৰিব লাগিব ৷ যেনে ৰাতিপুৱা সোনকালে শুৱাৰ পৰা উঠি পঢ়া বা স্বাস্থ্য ভালে ৰাখিবলৈ সময়মতে জিম’লৈ যোৱা ইত্যাদি কাম কৰিব পাৰিলেহে ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন প্ৰতিযোগিতামুলক পৰীক্ষাত সফলতা লাভ কৰিব পাৰিব ৷ মকুলি সভাৰ মাজতে দুখনকৈ গ্ৰন্থ উন্মোচন কৰে ক্ৰমে দৰংগিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা প্ৰীতিলেখা ৰাভা আৰু আন এখন গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট অতিথি মাইনী মহন্তই ৷ লগতে মুকলি সভাতে অসম গৌৰৱ বঁটা প্ৰাপক বি, টি, আৰ’ৰ ৰেচম বিভাগৰ সঞ্চালক যোগেশ দেউৰী, সাংবাদিক স্বপন কুমাৰ ৰাভা, ডা° তৃষা দাস ৰাভা, বিকালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ড° মলিনা দেৱী ৰাভা, ভাস্কৰ্য শিল্পী ঘনকান্ত ৰাভা, ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ড প্ৰাপক যতীন ৰাভা আদিক সম্বৰ্ধনা জনোৱা হয় ৷ উল্লেখ্য যে, দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ অধিৱেশৰ মজিয়াত ৰাভা লোক সকলৰ সামাজিৰ প্ৰথা, ৰীতি-নীতি, শিক্ষা-দীক্ষা, ভাষা, কৃষ্টি-সংস্কৃতি, ধৰ্মান্তকৰণৰ দিশৰ লগতে ষষ্ঠ অনুসূচীৰ বিষয় প্ৰাধান্য লাভ কৰে৷ আনহাতে অধিৱেশনৰ অন্তিমটো দিনত দুধনৈ পূৰ্বাঞ্চল ৰাভা মহিলা সমাজৰ মুকলি সভা, সম্বৰ্ধনা অনুষ্ঠান, তিনিওটা সংগঠনৰ সন্মিলীত ত্ৰিপাক্ষিক সভা, সাংস্কৃতিক কাৰ্যসূচী আদিৰে অধিৱেশনৰ সফল সামৰণি পৰে ৷

প্ৰেৰক বেনজিন বড়ো 

You might also like