নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত কৃষি বিভাগৰ জ্ঞান-প্ৰশিক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰী : মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বগলীপাৰাত আজি কৃষি বিভাগৰ গ্ৰামীণ আন্তঃগাঁথনি উন্নয়ন পুঁজি-২৫ৰ অধীনত এটা জ্ঞান আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হয়। কৃষি আভিযান্ত্ৰিক বিভাগে এবছৰৰ ভিতৰত এই কেন্দ্ৰটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুঠ ৭৪.৫৫ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই দুমহলীয়া কেন্দ্ৰটোত কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ লগতে তলৰ মহলাত এটা কম্পিউটাৰ কক্ষ আৰু ওপৰৰ মহলাত এটা প্ৰশিক্ষণ কক্ষ থাকিব। কেন্দ্ৰটোত পাকঘৰ, ডাইনিং হল আদিৰো সু-ব্যৱস্থা থাকিব। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি এই কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰি জিলাখনৰ কৃষকসকলৰ বাবে ই এটা ইতিবাচক খবৰ বুলি উল্লেখ কৰে। তেওঁ বিশেষভাৱে বৃহত্তৰ লাহৰীঘাট, মৈৰাবাৰী, ভূৰাগাঁও আদি অঞ্চলৰ কৃষকৰ বাবে এই কেন্দ্ৰটো অতি গুৰুত্বপূৰ্ণ হ’ব বুলি মন্তব্য কৰে। তেওঁ কয় যে কেন্দ্ৰটোত প্ৰশিক্ষণ গ্ৰহণ কৰি কৃষকসকলে কৃষিখণ্ডত নিজৰ জ্ঞানৰ প্ৰয়োগেৰে যথেষ্ট উপকৃত হ’ব আৰু উপাৰ্জন বৃদ্ধিৰ বাবে বিজ্ঞানৰ ন ন কৌশল অৱলম্বন কৰিব পাৰিব।

প্ৰেৰক আবুল কালাম

You might also like