নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰে মতানৈক্য : মালদ্বীপত হ্রাস পর্যটকৰ সংখ্যা

বিশেষ বাৰ্তা, ২ ফেব্রুৱাৰী : ভাৰতৰ সৈতে মতানৈক্য তীব্রতৰ হোৱাৰ লগে লগে মালদ্বীপৰ পর্যটন শিল্পলৈ নামি আহিছে সংকট৷ উল্লেখনীয় যে প্রতিবছৰে ভাৰতৰ পৰা অধিকসংখ্যক পর্যটকে যাত্রা কৰে মালদ্বীপলৈ৷ যোৱা বছৰলৈ পর্যটকৰ সংখ্যাৰে ভাৰত আছিল প্রথম স্থানত৷ কিন্তু চলিত বর্ষৰ প্রথম মাহত ভাৰতৰ পৰা মালদ্বীপত উপস্থিত হোৱা পর্যটকৰ সংখ্যা পঞ্চম স্থানলৈ অৱনমিত হৈছে৷ যোৱা তিনি সপ্তাহত ৰাছিয়া, ইটালী, চীন আৰু ব্রিটেইন আছিল মালদ্বীপ পৰিদর্শন কৰা পর্যটকৰ সংখ্যাৰে প্রথম চাৰিটা স্থানত৷ এইক্ষেত্রত ভাৰত পঞ্চম স্থানলৈ অৱনমিত হয়৷ ভাৰতৰ পৰা মাত্র ১৩,৯৮৯গৰাকী পর্যটকে মালদ্বীপ পৰিদর্শন কৰে৷

You might also like