নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ নগেন শইকীয়াৰ নামফলক দলিয়ালে জিলা সাহিত্য সভাই

🔹 ডিব্রুগড়ত প্রাক্তন সভাপতিক চৰম অপমান

নিয়মীয়া বার্তা, ৪ ফেব্রুৱাৰী : সমগ্র ৰাজ্যতে সন্মান প্রদান কৰা অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি তথা মিতভাষৰ স্রষ্টা তথা বিশিষ্ট লেখক, সাহিত্যিক ড০ নগেন শইকীয়াক চৰম অপমান কৰিলে ডিব্রুগড় জিলা সাহিত্য সভাই৷ উল্লেখ্য যে ডিব্রুগড়ৰ চৌকীডিঙীত অৱস্থিত অসম সাহিত্য সভাৰ আঞ্চলিক কার্যালয় চৌহদত ডিব্রুগড জিলা সাহিত্য সভাৰ পুৰণি কার্যালয়টো নতুনকৈ নির্মাণৰ বাবে অইল ইণ্ডিয়া সামাজিক দায়বদ্ধতা আঁচনিত প্রায় ১২ লাখ টকা অনুদান দিয়া হৈছে৷ কার্যালয়টোত ডিব্রুগড় জিলা সাহিত্য সভাৰ বর্তমানৰ প্রতিনিধিয়ে পুৰণি কার্যালয়ত লাগি থকা সাহিত্যিকগৰাকীৰ নামফলক টুকুৰা–টুকুৰ কৰি ভাঙি সেই ঠাইত অইল ইণ্ডিয়া লিমিটেডৰ ফলক লগায়৷ এই কার্যত ডিব্রুগড়ৰ সাহিত্যপ্রেমী ৰাইজৰ লগতে দল–সংগঠনৰ প্রতিনিধিয়ে তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে৷ স্মর্তব্য যে ২০১১ চনত ডিব্রুগড জিলা সাহিত্য সভাৰ সভাপতি তথা মৰাণ সমষ্টিৰ প্রাক্তন বিধায়ক প্রয়াত কিৰণ কুমাৰ গগৈৰ লগতে সাহিত্যিক ড০ নগেন শহকীয়াই অশেষ ত্যাগ স্বীকাৰ কৰি ডিব্রুগড জিলা সাহিত্য সভাক এটি স্থায়ী ঠিকনা প্রদান কৰিছিল৷ জিলা সাহিত্য সভাৰ এটা কার্যালয় নির্মাণ কৰাৰ সমান্তৰালভাৱে ড০ নগেন শহকীয়াই কার্যালয়টোৰ শুভ উদ্বোধন কৰিছিল৷ উদ্বোধনৰ সময়ত কমিটীয়ে কার্যালয়গৃহত সাহিত্যিক দুগৰাকীৰ নামত আঁৰি দিছিল এখন ফলক৷ কিন্তু এইবাৰ ডিব্রুগড জিলা সাহিত্য সভাৰ বর্তমানৰ প্রতিনিধিয়ে অইল ইণ্ডিয়াৰ পৰা কার্যালয়টো নির্মাণৰ বাবে পুঁজি লাভ কৰিয়েই বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াৰ ত্যাগক একপ্রকাৰ ভৰিৰে গচকি পেলোৱাৰ লগতে সেই সময়ৰ সভাপতি প্রয়াত কিৰণ কুমাৰ গগৈকো চৰম অপমানিত কৰিলে৷ সদৌ ডিব্রুগড জিলা ছাত্র সন্থাৰ প্রতিনিধিয়ে এই কার্যক গৰিহণা দিয়াৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত নির্মাণ হোৱা কার্যালয়টো নির্মাণত ব্যাপক দুর্নীতি হোৱা বুলিও অভিযোগ কৰিছে৷ ইয়াৰ সমান্তৰালকৈ ডিব্রুগড় জিলা ছাত্র সন্থাই সাহিত্যিকগৰাকীক অপমান কৰাটো কোনো কাৰণতে মানি লোৱা নহ’ব বুলিও সংবাদ মাধ্যমৰ আগত হুংকাৰ দিছে৷ আনহাতে, মেচ কছাৰী ছাত্র সন্থা, টাই আহোম ছাত্র সন্থা, কোচ ৰাজবংশী ছাত্র সন্থাৰ প্রতিনিধিয়ে সাহিত্যিক ড০ নগেন শইকীয়াক কৰা অপমানৰ বাবে সততে বিতর্কত সোমাই থকা জিলা সাহিত্য সভাৰ বর্তমানৰ কার্যকর্তাসকলক ধিক্কাৰ দি কয় যে সাহিত্যিক ড০ নগেন শইকীয়াৰ নাম সন্নিৱিষ্ট উদ্ধোধনী ফলকখন পুনৰ নলগালে ডিব্রুগড় জিলা সাহিত্য সভাৰ কার্যকর্তাৰ বিৰুদ্ধে আইনৰ সহায় লোৱা হ’ব৷ তদুপৰি কয় যে অইল ইণ্ডিয়াৰ পৰা লাভ কৰা অধিক ধন নিজৰ পকেটত ভৰাই সামান্য কর্মৰে পুৰণি গৃহক নতুন ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে বুলি ছাত্রনেতাসকলে অভিযোগ তুলিছে৷ এই দিশত অইল ইণ্ডিয়া লিমিটেডৰ কর্তৃপক্ষক কার্যালয়টো নির্মাণত হোৱা দুর্নীতিৰ দিশবোৰত তীক্ষ্ণ নজৰ দিবলৈ ছাত্রনেতাসকলে আহ্বান জনাইছে৷

প্ৰেৰক কাঞ্চনজ্যোতি গোহাঁই

You might also like