নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথ চাৰিআলি-গহপুৰ আৰু দোলাবাৰী-জামুগুৰিহাট পথ ভাৰ্চুৱেলী মুকলি প্ৰধানমন্ত্ৰীৰ

বিশেষ বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ উত্তৰ অসমৰ পথ পৰিবহনৰ ক্ষেত্ৰত স্বৰাজোত্তৰ কালত এক যুগান্তকাৰী পদক্ষেপৰূপে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শুভ উদ্বোধন কৰিলে প্ৰায় ২ হাজাৰোধিক কোটি টকাৰ চাৰিলেনযুক্ত পথ।১,৪৫১কোটি টকাৰে বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰ আৰু ৫৯২ কোটি টকাৰে দোলাবাৰীৰ পৰা জামুগুৰিহাটলৈ চাৰিলেন যুক্ত দুটাকৈ গুৰুত্বপূৰ্ণ পথ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যবাসীৰ বাবে সমৰ্পণ কৰে।চকীঘাট দলঙৰ লগতে বুৰৈ, বৰগাং আৰু বুঢ়ীগাঙ নদীত দ্বিতীয় খনকৈ দলং নিৰ্মাণৰ দ্বাৰা সুগম পথ পৰিৱহন ব্যৱস্থাই বিশ্বনাথ আৰু শোণিতপুৰৰ লগতে লখিমপুৰ,ধেমাজি আৰু চুবুৰীৰ অৰুণাচল প্ৰদেশৰ জনতাক লাভান্বিত কৰিব। প্ৰায় ২ হেজাৰ কোটি টকীয়া এই অভিলাষী পথ পৰিৱহন প্ৰকল্প স্বাভাৱিকতে উত্তৰ অসমৰ ৰাইজৰ বাবে আশীৰ্বাদ স্বৰূপ।কিয়নো বৰ্ধিত যানবাহনৰ সংখ্যা, চুবুৰীয়া অৰুণাচল প্ৰদেশৰে সূচল যাতায়াত আদিৰ বিভিন্ন সমস্যা অতিক্ৰমৰ বাবে এই চাৰিলেনযুক্ত পথৰ গত্যন্তৰ নাছিল।কিন্তু কেন্দ্ৰীয় চৰকাৰৰ সুবাদত ২০১৬ চনৰ পৰা এই চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম আৰম্ভ হয়।বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ প্ৰায় ৫৮ কিঃমিঃ পথটো বৰ্তমান নিৰ্মাণৰ পিছত পূৰ্বৰ ডেৰ/দুই ঘণ্টাৰ পৰিৱৰ্তে এতিয়া যাতায়াত কৰিবলৈ লাগে মাত্ৰ ৪৫ মিনিট। বিশ্বনাথ চাৰিআলি যিহেতু পুৰ্বে মহকুমা আৰু বৰ্তমান জিলা সদৰ হোৱাত গহপুৰ অঞ্চলৰলোক এই পথত যাতয়াত কৰাতো অৱধাৰিত হোৱাত চাৰিলেনযুক্ত পথে ৰাইজক যথেষ্ট সকাহ দিছে।দীৰ্ঘদিনীয়া ৰাইজৰ দাবীৰ প্ৰতি সহাৰি জনোৱাত আৰু ৰাইজৰ প্ৰতি এই গুৰুত্বপূৰ্ণ পথটি উৎসৰ্গা কৰাত স্থানীয় ৰাইজে আনন্দ প্ৰকাশ কৰিছে। এই চাৰিলেনযুক্ত পথ নিৰ্মাণে বিশেষকৈ সময় আৰু যাতায়াত কষ্ট লাঘৱ কৰিছে।ইফালে দোলাবাৰীৰ পৰা জামুগুৰিলৈকে নিৰ্মাণ কৰা চাৰিলেনযুক্ত পথচোৱাই তেজপুৰলৈকে যাতায়াত সুগম কৰি তুলিছে।আনহাতে প্ৰয়াত পূৰ্ণ নাৰায়ণ সিংহ প্ৰমুখ্যে জামুগুৰিবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ পৰিপ্ৰেক্ষিতত নিৰ্মাণ হোৱা চকীঘাট দলং উত্তৰ অসমৰ যাতায়াতৰ ক্ষেত্ৰত এক মাইলৰ খুঁ‌টি ৰূপে অভিহিত কৰা হৈছে।ৰাজ্য চৰকাৰৰ একান্ত আগ্ৰহ আৰু কেন্দ্ৰীয় পথ মন্ত্ৰালয়ৰ সহযোগত মসৃণ পথ উপহাৰে অঞ্চলবাসীক আহ্লাদিত কৰাৰ লগতে এই যাতায়াত ব্যৱস্থাই ৰাইজক অৰ্থনৈতিকভাৱে লাভান্বিত কৰি তুলিব।বিশ্বনাথ চাৰিআলিৰ বুঢ়ীগাঙৰ পৰা গহপুৰ হৈ ইটানগৰলৈকে যাতায়াত ব্যৱস্থা সূচল হোৱাত ৰাইজৰ মাজত ব্যাপক উচাহৰ লগতে প্ৰধান মন্ত্ৰীকো ধন্যবাদ জনাইছে স্থানীয় ৰাইজে।তদুপৰি বৰ্তমানেও নিৰ্মাণ সম্পূৰ্ণ হ’বলৈ বাকী থকা ২৪ কিঃমিঃ পথ শীঘ্ৰে যাতায়াত উপযোগী কৰিবলৈও দাবী জনোৱা হৈছে।

প্ৰেৰক জয়ন্ত বৰা

You might also like