নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুকলি আকাশৰ তললৈ অনিমেষ ভূঞাৰ হত্যাকাণ্ডত অভিযুক্ত

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ ২০২১ চনৰ ২৯ নবেম্বৰত যোৰহাটৰ মাজমজিয়াৰ ঠাকুৰবাৰীত এক ৰাজহুৱা স্থানত সংঘটিত ছাত্ৰ নেতা অনিমেষ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্তৰ ৫জন ইতিমধ্যে উচ্চ ন্যায়লয়ত জামিন লৈ মুক্ত আকাশৰ তললৈ অহাৰ এক খবৰে যোৰহাটৰ সচেতন মহলক আচম্বিত কৰি তুলিছে। সকলোৱে অনিমেষৰ হত্যাকাৰী উচিত শাস্ত্ৰী বিচাৰিছিল। অনিমেষৰ পিতৃ -মাতৃ পৰিয়ালৰ সকলোৱে পূত্ৰৰ মৃত্যু উচিত শাস্ত্ৰীৰ কামনা কৰিছিল। অমায়িক, নম্ৰ ছাত্ৰ নেতা জনৰ মৃত্যু সকলোৰে বাবে অসহনীয় আছিল কিন্তু কালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা ৫ জনকৈ অভিযুক্তই জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহে। বিগত প্ৰায় দুবছৰ ধৰি যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত থকা ১২গৰাকী অভিযুক্তৰ মোহন দাস, বিতোপন দাস, অকনি ওৰফে সঞ্জু দাস, ৰাতুল দাস আৰু বিক্ৰম দাসে জামিন লাভ কৰি জেলৰ পৰা মুকলি হৈ আহিছে । জামিন লাভ কৰা মোহন দাস ক’লাল’ৰাৰ পিতৃ। জে’লত থকা বাকী ৭জন অভিযুক্তয়ো জামিন লাভৰ পূৰ্ণ সম্ভাৱনা আছে।এই ঘটনাৰ অন্যতম মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লাল’ৰাৰ ইতিপূৰ্বে আৰক্ষীৰ গাড়ীৰ পৰা পলায়ন কৰিবলৈ লওতে মৃত্যু হৈছিল। উল্লেখ্য যে যোৰহাটত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাৰ চাৰ্জশ্বীট আৰক্ষীয়ে তিনিমাহৰ ভিতৰতে দাখিল কৰিছিল।যোৰহাট জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত চলা এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত ইতিমধ্যে ৬৪ গৰাকী লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছিল। গোচৰটোৰ মূল সাক্ষীসকলৰ সাক্ষ্য ইতিমধ্যে গ্ৰহণ কৰা হৈছে। বৰ্তমান ফৰেনছিক বিভাগৰ বিষয়া, আৰক্ষীকে ধৰি গোচৰটোৰ কাৰিকৰী দিশটোৰ লগত জড়িত একাংশ লোকৰ সাক্ষ্য গ্ৰহণ কৰিবলৈ বাকী আছে। অহা ৩-৪ মাহৰ ভিতৰত এই গোচৰটোৰ চূড়ান্ত ৰায়দান হোৱাৰ সম্ভাৱনা আছে। যদিও অভিযুক্ত সকল জামিনত মুক্ত হল এতিয়াও আদালতৰ শুদ্ধ বিচাৰ বিবেচনাত দোষীৰ উচিত শাস্ত্ৰী বুলি আশাবাদী সচেতন মহল।

প্ৰেৰক সঞ্জীৱ হাজৰিকা

You might also like