নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্দোলন নহয়, অসমৰ পৰিচয় হ’ব লাগিব বিকাশ : মুখ্যমন্ত্রী

মোদীময় খানাপাৰাত বিশাল সমাৱেশ
১১,৬০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস প্রধানমন্ত্রী মোদীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ ফেব্ৰুৱাৰীঃ অসমৰ আন্তঃগাঁথনি উন্নয়নৰ ঊৰ্ধ্বগামী যাত্রাত এক নতুন মাত্রা সংযোজনেৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ১১,৬০০ কোটি টকাৰ আন্তঃগাঁথনিমূলক প্রকল্প আভাষিকভাৱে উদ্বোধন আৰু শিলান্যাস কৰে৷ উল্লেখ্য যে প্রধানমন্ত্রী মোদীয়ে ১,৪৫১ কোটি টকা ব্যয়সাপেক্ষে বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথ আৰু ৫৯২ কোটি টকা ব্যয়সাপেক্ষে দোলাবাৰীৰ পৰা জামুগুৰিলৈ চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথৰ শুভ উদ্বোধন কৰে৷ আনহাতে প্রধানমন্ত্রী মোদীয়ে ৪৯৮ কোটি টকা ব্যয়সাপেক্ষে মা কামাখ্যা প্রৱেশ কৰিডৰ দিব্যলোক পৰিযোজনা, ৩,২৫০ কোটি টকা ব্যয়সাপেক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নয়ন, ৮৩২ কোটি টকা ব্যয়সাপেক্ষে নেহৰু ষ্টেডিয়ামক ফিফাৰ মানৰ ফুটবল ষ্টেডিয়ামলৈ উন্নীতকৰণ, ৫৭৮ কোটি টকা ব্যয়সাপেক্ষে কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয়, ৩০০ কোটি টকা ব্যয়সাপেক্ষে চন্দ্রপুৰ ষ্টেডিয়াম, ৩৫৮ কোটি টকা ব্যয়সাপেক্ষে গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰ সংযোগী পথৰ বহলীকৰণ, ৩,৪৪৪ কোটি টকা ব্যয়সাপেক্ষে ৩৮খন দলংসহ ৪৩টা পথৰ উন্নীতকৰণ আৰু ২৯৭ কোটি টকা ব্যয়সাপেক্ষে ঐক্য ভৱনৰ আধাৰশিলা স্থাপন কৰে৷ এই উপলক্ষে আয়োজিত সভাত আদৰণী ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে আজি অসমৰ বাবে এক সোণালী দিন৷ এটা পাহৰিব নোৱাৰা নতুন ইতিহাস গঢ়া নতুন সূৰুযমুখী দিন বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে এটা দিনতে ১১,৬০০ কোটি টকাৰ প্রকল্প অসমে লাভ কৰিছে, সেয়া অসমৰ ইতিহাসত আগতে কেতিয়াও সম্ভৱ হোৱা নাছিল৷ তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত আলফাৰ শান্তি চুক্তি, বড়ো চুক্তি, ডিমাছা চুক্তি, আদিবাসী শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ বাবে আজি বহু বছৰৰ পিছত শান্তিৰ কপৌ চৰাই অসম মাতৃৰ বুকুলৈ উভতি আহিছে৷ হাজাৰ হাজাৰ যুৱকে সন্ত্রাসবাদ ত্যাগ কৰি মূলসুঁতিলৈ উভতি আহিছে৷ অসমবাসীক অভিনন্দন জনাই মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে যোৱা তিনিটা বছৰ ৰাজ্যখনত কোনো ধৰণৰ এটাও আন্দোলনৰ কার্যসূচী নোহোৱাকৈ আজি বিকাশৰ নতুন অশ্বমেধ যজ্ঞলৈ গতি কৰিছে৷ ধলা-শদিয়া দলং, বগীবিল দলং, নুমলীগড়ৰ পৰা গহপুৰলৈ সুৰংগ, কলিয়াভোমাৰা আৰু শৰাইঘাট দলং, গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত নতুন দলং, মাজুলী-যোৰহাটৰ মাজত দলং, মাজুলী-লখিমপুৰৰ মাজত দলং, শুৱালকুছি-পলাশবাৰীৰ মাজত দলং, নাৰেংগী-কুৰুৱাৰ মাজত দলং, ফুলবাৰীৰ ওপৰত দলং হব সেই কথা আমাৰ প্রজন্মই কেতিয়াও সপোনতো ভবা নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বাবে ব্রহ্মপুত্রৰ ওপৰত ৯খনকৈ দলং লাভ কৰিছে৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে অসমত ২৩খন চিকিৎসা মহাবিদ্যালয়, কাজিৰঙাত এলিভেটেড কৰিডৰ, গুৱাহাটীত ৰিং ৰোড, ১৭খনকৈ কর্কট চিকিৎসালয় হব পাৰে সেই কথা কোনেও কল্পনা কৰা নাছিল৷ অসম মালাৰ দৰে প্রকল্পৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে ৩ হাজাৰ কোটি টকাতকৈ অধিক টকা ব্যয়সাপেক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নয়নেৰে পূর্বভাৰতৰ বৃহৎ চিকিৎসা মহাবিদ্যালয় নির্মাণ কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে৷ এইমছ নির্মাণৰ লগতে ৰাষ্ট্রীয় ঘাইপথ চৌদিশে নির্মাণ, দ্বৈত ৰেলপথ আদিৰ বিষয়েও ভাষণ প্রসংগত মুখ্যমন্ত্রী ড০ শৰ্মাই উল্লেখ কৰে৷ ২০ লাখ দৰিদ্র লোকে প্রধানমন্ত্রী আৱাস যোজনা লাভ কৰা, লাখপতি বাইদেউ, ৩০ লাখ পৰিয়ালে অৰুণোদয়, ২ কোটিতকৈও অধিক লোকে বিনামূলীয়া চাউল, ঘোচ নিদিয়াকৈ ১ লাখ চৰকাৰী চাকৰি প্রদানৰ কথা উল্লেখ কৰি তেওঁ ড০ শৰ্মাই যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসম প্রেমৰ বাবে আজি অসম মাতৃ উন্নয়ন আৰু বিকাশৰ এক উচ্চতাত উপনীত হৈছে৷ কৃতজ্ঞ অসমীয়াই প্রধানমন্ত্রী মোদীৰ ওপৰত অংগীকাৰবদ্ধ হৈছে বুলি মন্তব্য কৰি ড০ শৰ্মাই কয় যে দুর্নীতিৰ পৰিৱর্তে নিকা প্রশাসন, দৰিদ্রৰ বিকাশ, যুৱকৰ কর্মসংস্থাপন আৰু আন্দোলন বিবর্জিত পৰিৱেশৰ মাজেৰে আমাৰ অসমক ভাৰতৰ সর্বশ্রেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ সাধন কৰিব৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে অসমক বিশ্বদৰবাৰত প্রতিষ্ঠা কৰিব লাগিব৷ আন্দোলন নহয়, ৰাজ্যখনৰ পৰিচয় বিকাশ হব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে ইয়াৰ বাবে পৰিৱেশ সৃষ্টি কৰিব লাগিব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আশীর্বাদত ৰাজ্যখনে বিকাশৰ গংগা বোৱাই আনিব পাৰিব বুলিও মুখ্যমন্ত্রী ড০ শৰ্মাই কয়৷ অনুষ্ঠানত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া, কেন্দ্রীয় জাহাজ, বন্দৰ আৰু আয়ুষ দপ্তৰৰ মন্ত্রী সর্বানন্দ সোণোৱাল, কেন্দ্রীয় তেল আৰু প্রাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, কৃষি, পশুপালন আদি বিভাগৰ মন্ত্রী অতুল বৰা, বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বডো, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱলাল গার্লোছা, ভাৰতীয় জনতা পার্টী, অসম প্রদেশৰ সভাপতি ভৱেশ কলিতা প্রমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like