নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও জিলা পথ সুৰক্ষা সমিতিৰ চকু চিকিৎসা শিবিৰ

বিশেষ বাৰ্তা, ৬ ফেব্ৰুৱাৰী : নগাঁও জিলা  পথ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু নগাঁও জিলা  বাছ পৰিবহণ সন্থাৰ সহযোগত আজি নগাঁও চহৰত এক বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। নগাঁও জিলা পৰিবহণ বিভাগে মাহজোৰা কাৰ্যসূচীৰে ৰূপায়ণ কৰা পথ সুৰক্ষা সজাগতা অভিযানৰ অংশ হিচাপে বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। নগাঁও চহৰস্থ নগাঁও জিলা বাছ পৰিবহণ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এই চকু চিকিৎসা শিবিৰ আনুষ্ঠানিকভাৱে মুকলি কৰে নগাঁও জিলা পৰিবহণ বিষয়া গৌতম কুমাৰ দাসে। নিজৰ ভাষণত দাসে কয় যে চালকসকলৰ চকু ভালে ৰাখিবলৈ হলে তেওঁলোকৰ চকু সময়ে সময়ে পৰীক্ষা কৰা প্ৰয়োজন। সেই লক্ষ্যৰে আমি আজি নগাঁও জিলা স্বাস্থ্য বিভাগৰ সহযোগিতাত এই শিবিৰৰ আয়োজন কৰিছোঁ। তেওঁ লগতে কয় যে নগাঁৱত দুৰ্ঘটনাৰ হাৰ বেছি। তেওঁ সকলোকে পৰিবহণ আইন মানি বাহন চলাবলৈ আহ্বান জনায়।  জিলাখনৰ শতাধিক চালক -পৰিচালক আদিয়ে এই শিবিৰত চকু পৰীক্ষা কৰায়।  জিলা পৰিবহণ বিভাগৰ বিষয়া-কৰ্মচাৰী ,নগাঁও জিলা  বাছ পৰিবহণ সন্থাৰ  সম্পাদক ৰমেন বৰুৱাকে ধৰি সন্থাৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে।
প্ৰেৰক কনক হাজৰিকা
You might also like