নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁও মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰা

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰী : যোৱা ২ ফেব্ৰুৱাৰীৰ পৰা ছয়গাঁও মহাবিদ্যালয়ৰ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ আৰম্ভ হৈছে ৷ উল্লেখযোগ্য যে অহা ৯ ফেব্ৰুৱাৰীলৈ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ অনুষ্ঠিত হ’ব । যোৱা কেইদিনত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে আজি মহাবিদ্যালয় সপ্তাহৰ প্ৰথম কাৰ্যসূচী হিচাপে পুৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱ কুমাৰ কলিতাই ৷ ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কৰে ছয়গাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি ভাৰ্গৱ ৰাভাই ৷ শ্বহীদ তৰ্পণ কৰে ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হীৰকজ্যোতি শালৈয়ে ৷ ইয়াৰ পিছতে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে ক্ৰমে মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক কমল ঠাকুৰীয়া, ছয়গাঁও মহাবিদ্যালয়ৰ ব্যৱস্থাপনা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক হাৰুণুৰ ৰছিদে ৷ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে ছয়গাঁও মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য তথা অৱসৰপ্ৰাপ্ত শিক্ষক চন্দ্ৰকান্ত কলিতাই ৷ ক্ৰীড়া প্ৰতিযোগিতা উদ্বোধন কৰে ছয়গাঁও মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক বিপিন পাঠকে । ইয়াৰ পিছতে সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে ছয়গাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সহায়ক প্ৰতাপ বড়োৱে । অহা ৯ ফেব্ৰুৱাৰীলৈ বিভিন্ন খেল-ধেমালি অনুষ্ঠিত হোৱাৰ লগতে শেষৰ দিনা বঁটা বিতৰণী সভা অনুষ্ঠিত হ’ব ।

প্ৰেৰক বিশ্বজিৎ কলিতা

You might also like