🔹 বিদ্যালয়ৰ বাৰ্ষিক পত্ৰিকা ‘বৰ্ণ-বাৰ্তা ‘ উন্মোচন
নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰী : জাগীৰোডৰ ঘুনুচা প্ৰাথমিক বিদ্যালয়ত আজি অনুষ্ঠিত গুণোৎসৱত শিক্ষকৰ ৰূপত উপস্থিত থাকে উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত ঐনাম চৰণ কুমাৰ সিং। তদুপৰি বহি:মূল্যায়ক ৰূপে উপস্থিত থাকে জাগীৰোড মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞানৰ অধ্যাপক ড° উৎপল ৰাজগুৰু আৰু পদাৰ্থ বিজ্ঞানৰ অধ্যাপক ড° লভিতা শৰ্মা। বহি:মূল্যায়ক ৰূপে অংশগ্ৰহণ কৰি আয়ুক্ত আৰু অধ্যাপক দুগৰাকীয়ে বিদ্যালয়ৰ প্ৰতিটো বিষয় সূক্ষ্মভাৱে নিৰীক্ষণ কৰে। উল্লেখযোগ্য যে প্ৰাত:সভাৰ আৰম্ভণিতে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া বুলি গগৈ ভূঞাই ন’ডেল শিক্ষক ৰাজীৱ চহৰীয়া সম্পাদিত বিদ্যালয়ৰ বাৰ্ষিক পত্ৰিকা ‘বৰ্ণ-বাৰ্তা ‘ৰ গুণোৎসৱ বিশেষ দ্বিতীয় সংখ্যা উন্মোচন কৰে। আনহাতে, গুণোৎসৱৰ সময়ত মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত দ্যোতিভা বৰা, সমগ্ৰ শিক্ষা মৰিগাঁৱৰ জিলা আঁচনি বিষয়া লক্ষ্মীনন্দন শইকীয়া, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মালা বৰা তামুলী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ঊষাৰাণী ভৌমিক, পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ধনঞ্জয় দেৱনাথ, পৰিচালনা সমিতিৰ সভানেত্ৰী মধুস্মিতা দেৱী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
প্ৰেৰক হৰি প্ৰসাদ মল্লিক