নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ ফেব্ৰুৱাৰীঃ লোকসভা নির্বাচনৰ পাছতে ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নির্বাচন৷ শেহতীয়াকৈ গাঁও পঞ্চায়তৰ প্রতিনিধিসকলৰ কার্যকাল উকলি যোৱাৰ পৰিপ্রেক্ষিতত গাঁও পঞ্চায়ত, জিলা পৰিষদৰ কাম-কাজ জিলা আয়ুক্তসকলক চম্ভালি ল’বলৈ ৰাজ্য চৰকাৰে নির্দেশনা প্রদান কৰিছে৷ এনে অৱস্থাত পৰৱর্তী পঞ্চায়ত নির্বাচন কেতিয়ালৈ অনুষ্ঠিত হ’ব তাক লৈ চর্চাৰ হৈ থকাৰ সময়তে পঞ্চায়ত–গ্রামোন্নয়ন মন্ত্রী ৰঞ্জিত কুমাৰ দাসে স্পষ্ট কৰিলে যে ছমাহৰ ভিতৰত অনুষ্ঠিত কৰা হ’ব গাঁও পঞ্চায়তৰ নির্বাচন৷ ছমাহৰ ভিতৰত পঞ্চায়তৰ নির্বাচন অনুষ্ঠিত নকৰিলে ৰাজ্যখনে হেৰুৱাব লাগিব পঞ্চদশ বিত্ত আয়োগৰ অনুদান৷ বিধানসভা প্রাংগণত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মন্ত্রীগৰাকীয়ে এই সন্দর্ভত স্পষ্ট কৰে যে লোকসভা নির্বাচনৰ পৰিপ্রেক্ষিতত আৰু সমষ্টি পুনৰ নির্ধাৰণৰ বাবে পঞ্চায়তৰ নির্বাচন কিছু পলমকৈ অনুষ্ঠিত হ’ব৷ সাংবিধানিক নিয়ম অনুসৰি পঞ্চায়তৰ কার্যকাল শেষ হোৱাৰ ছমাহৰ ভিতৰত নির্বাচন অনুষ্ঠিত কৰিব লাগে৷ অন্যথা গাঁও পঞ্চায়তসমূহলৈ যি অনুদান কেন্দ্রীয় চৰকাৰে প্রেৰণ কৰে সেয়া ব্যাহত হ’ব৷ যিহেতু লোকসভা নির্বাচনৰ পাছত যথেষ্ট সময় থাকিব, গতিকে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্রত কোনো সমস্যাৰ সৃষ্টি নহয়৷ মন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে গাঁও পঞ্চায়তৰ উপৰি বর্তমান নিষ্ক্রিয় হৈ থকা জিলা পৰিষদৰ কাম–কাজ তথা ইয়াৰ লগত জড়িত কামসমূহ কার্যকৰী কৰাৰ ক্ষেত্রত এখন কমিটী গঠনৰ চিন্তা–চর্চা কৰা হৈছে৷ পৰৱর্তী কেবিনেট বৈঠকত এই সন্দর্ভত বিস্তৃত আলোচনাৰে সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ এইক্ষেত্রত প্রতিখন জিলাৰ অভিভাৱক মন্ত্রী, স্থানীয় বিধায়ক আৰু বিশিষ্ট সমাজকর্মীক লৈ জিলা পৰিষদৰ কাম–কাজ তদাৰক কৰাৰ বাবে কমিটীখন গঠন কৰা হ’ব৷ ইফালে, সমষ্টি পুনৰ নির্ধাৰণৰ পাছত বহু পঞ্চায়তত জনসংখ্যা বৃদ্ধিৰ বাবে পঞ্চায়তৰ সংখ্যা বৃদ্ধি কৰাৰ সম্ভাৱনাক লৈ চলি থকা চর্চাকো আজি মন্ত্রী দাসে নাকচ কৰে৷ মন্ত্রীগৰাকীয়ে এই সন্দর্ভত কয় যে পঞ্চায়তৰ সংখ্যা বৃদ্ধি কৰাৰ কোনো চিন্তা–চর্চা অথবা সিদ্ধান্ত ৰাজ্য চৰকাৰে গ্রহণ কৰা নাই৷ পঞ্চায়তৰ সংখ্যা বৃদ্ধি কৰিলে যথেষ্ট খেলিমেলি হোৱাৰ সম্ভাৱনা আছে৷ সেয়েহে পঞ্চায়ত নির্বাচনৰ পূর্বে প্রতিখন জিলাৰ আয়ুক্তক পঞ্চায়তৰ নতুন ভোটাৰ তালিকা প্রস্তুত কৰিবলৈ ইতিমধ্যে নির্দেশ দিয়া হৈছে৷ সমান্তৰালভাৱে পঞ্চায়তৰ সীমা নির্ধাৰণৰ বাবে জিলা পৰিষদৰ কার্যবাহী বিষয়াগৰাকীক সদস্য সচিব হিচাপে লৈ এখন কমিটী গঠন কৰা হৈছে৷ এই কমিটীয়ে পঞ্চায়তৰ সীমাসমূহ নির্ধাৰণৰ কাম সম্পন্ন কৰাৰ পাছত নির্বাচন অনুষ্ঠিত কৰা হ’ব৷ উল্লেখ্য যে জানুৱাৰী মাহৰ অন্তিম ভাগতে কার্যকাল সম্পূর্ণ কৰিছে প্রতিখন গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ নির্বাচিত প্রতিনিধিসকলে৷ কার্যতঃ পঞ্চায়তসমূহ প্রতিনিধিশূন্য হৈ থকা হেতুকে গ্রাম্য এলেকাৰ কাম–কাজসমূহ স্থবিৰ হোৱাৰ সম্ভাৱনাৰ সৃষ্টি হৈছে৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ অনুদান তথা পঞ্চদশ বিত্ত আয়োগৰ পৰা ৰাজ্যখনে পাবলগা বৃহৎ পৰিমাণৰ পুঁজিৰ পৰাও বঞ্চিত হোৱাৰ সম্ভাৱনা গঢ়ি উঠিছে৷ এনে অৱস্থাত অহা ছমাহৰ ভিতৰত ৰাজ্য চৰকাৰে পঞ্চায়ত নির্বাচন অনুষ্ঠিত নকৰিলে জটিলতাৰ সৃষ্টি হ’ব৷