🔹 গণতন্ত্ৰ শক্তিশালী কৰাত সিঙে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে : মোদী
বিশেষ বাৰ্তা, ৮ ফেব্ৰুৱাৰী : প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং প্ৰেৰণাৰ উৎস। অসুস্থ হৈও তেওঁ হুইল চেয়াৰত বহি ভোট দিবলৈ আহিছিল। দেশৰ গণতন্ত্ৰ শক্তিশালী কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।- বৃহস্পতিবাৰে সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক এইদৰে প্ৰশংসা কৰে। তদুপৰি তেওঁ মনমোহন সিঙৰ দীৰ্ঘায়ু কামনা কৰে। মন কৰিবলগীয়া যে বুধবাৰে বাজেট অধিৱেশনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণত মনমোহন সিঙৰ নাম আহিছিল। মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বক্তব্য়ক হাতিয়াৰ হিচাপে লৈ দেশৰ দুৰ্বল অৰ্থনীতিৰ বাবে কংগ্ৰেছক আক্ৰমণ কৰে। ৰাজ্যসভাৰ সাংসদ হিচাপে মনমোহন সিঙৰ কৰ্তব্যবোধৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে তেওঁ আমাৰ দেশ আৰু সংসদক যিদৰে নেতৃত্ব দিছিল, সেয়া মোৰ সদায় মনত থাকিব। অসুস্থ হৈও হুইল চেয়াৰত বহি তেওঁ ভোট দিবলৈ আহিছিল। সাংসদ হিচাপে তেওঁৰ কৰ্তব্যবোধ এক আদৰ্শ হৈ ৰ’ব। মোদীয়ে কয়- মনমোহন সিঙে কাৰ ক্ষমতা বৃদ্ধি কৰিছিল, সেয়া ডাঙৰ কথা নহয়। মই ভাবোঁ- তেওঁ দেশৰ গণতন্ত্ৰ শক্তিশালী কৰিবলৈ ভোট দিছিল।