নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোড মহাবিদ্যালয়ৰ ৪৪সংখ্যক মহাবিদ্যালয় সপ্তাহ

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰী : বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য-গীতেৰে মুখৰ হৈ পৰে জাগীৰোডৰ ৰাজপথ। জাগীৰোড মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহ উপলক্ষে উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত জীপাল হৈ পৰিল জাগীৰোড চহৰ। জাগীৰোড মহাবিদ্যালয়ৰ ৪৪সংখ্যক মহাবিদ্যালয় সপ্তাহ উপলক্ষে আজি উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই মোহাচ্ছন্ন কৰিলে জাগীৰোডবাসীক। মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা এই সাংস্কৃতিক শোভাযাত্ৰাত প্ৰতিফলিত হ’ল তিৱা, বিহু, কাৰ্বি লোকনৃত্যৰ পৰা জোনবিল মেলালৈ, ঐতিহাসিক ৰংঘৰৰ পৰা বিভিন্ন কলা-সংস্কৃতি। ৰাজ্যখনৰ ইতিহাস, সংস্কৃতি, ঐতিহ্য, পৰম্পৰা, অৰ্থনীতি আদি সকলো বিষয় সামৰি ছাত্ৰ-ছাত্ৰীসকলে উলিওৱা এই শোভাযাত্ৰাত উৎসৱমুখৰ হৈ পৰে সমগ্ৰ অঞ্চল ।

 

প্ৰেৰক হৰি প্ৰসাদ মল্লিক

You might also like