নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পি ভি নৰসিংহ ৰাও-চৌধুৰী চৰণ সিং-এম এছ স্বামীনাথনলৈ ভাৰত ৰত্ন

বিশেষ বাৰ্তা, ৯ ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও, চৌধুৰী চৰণ সিঙৰ লগতে কৃষি বিজ্ঞানী এম এছ স্বামীনাথনক ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্নৰে সন্মানিত কৰা হ’ব বুলি ঘোষণা কৰে। ইয়াৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰবীণ নেতা লাল কৃষ্ণ আদৱানি আৰু বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পুৰী ঠাকুৰৰ বাবে ভাৰত ৰত্ন ঘোষণা কৰিছিল। ছ’চিয়েল মিডিয়া এক্স হেণ্ডেলত মোদীয়ে কয়- “আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওক ভাৰতৰত্নৰে সন্মানিত কৰা হ’ব বুলি শ্বেয়াৰ কৰি আনন্দিত হৈছোঁ। এজন বিশিষ্ট পণ্ডিত আৰু ৰাষ্ট্ৰনেতা হিচাপে নৰসিংহ ৰাও-এ বিভিন্ন পদবীত ভাৰতক সেৱা আগবঢ়াইছিল। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ আৰু বিধানসভাৰ সদস্য হিচাপে বহু বছৰ ধৰি কৰা কামৰ বাবে তেওঁ স্মৰণীয় হৈ ৰ’ব। তেওঁৰ দূৰদৰ্শী নেতৃত্বই ভাৰতক অৰ্থনৈতিকভাৱে উন্নত কৰি তোলাত সহায় কৰিছিল, তেওঁ দেশৰ সমৃদ্ধি আৰু বৃদ্ধিৰ বাবে এক সুদৃঢ় ভেটি স্থাপন কৰিছিল।’ “প্ৰধানমন্ত্ৰী হিচাপে নৰসিংহ ৰাওৰ কাৰ্যকালত উল্লেখযোগ্য ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। তদুপৰি ভাৰতৰ বৈদেশিক নীতি, ভাষা আৰু শিক্ষাখণ্ডলৈ তেওঁৰ অৱদানসমূহে ভাৰতক জটিল পৰিৱৰ্তনৰ মাজেৰে পৰিচালিত কৰাই নহয়, ইয়াৰ সাংস্কৃতিক আৰু বৌদ্ধিক ঐতিহ্যকো সমৃদ্ধ কৰিছিল।’- প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

আন এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- ‘আমাৰ চৰকাৰৰ সৌভাগ্য যে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙকো ভাৰতৰত্নৰে সন্মানিত কৰা হৈছে। তেওঁ দেশলৈ আগবঢ়োৱা অতুলনীয় অৱদান দেশবাসীয়ে সদায় মনত ৰাখিব। তেওঁ কৃষকৰ অধিকাৰ আৰু কল্যাণৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল। জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধেও তেওঁ দৃঢ়তাৰে থিয় দিছিল। আমাৰ কৃষক ভাই-ভনীসকলৰ প্ৰতি তেওঁৰ সমৰ্পণ আৰু জৰুৰীকালীন সময়ত গণতন্ত্ৰৰ প্ৰতি তেওঁৰ দায়বদ্ধতা সমগ্ৰ জাতিটোৰ বাবে প্ৰেৰণাদায়ক।’

এম এছ স্বামীনাথন সন্দৰ্ভত মোদীয়ে কয়- তেওঁ কৃষি আৰু কৃষকৰ কল্যাণৰ ক্ষেত্ৰত দেশলৈ অনবদ্য অৱদান আগবঢ়াইছে। কৃষি আৰু কৃষকৰ কল্যাণৰ ক্ষেত্ৰত আমাৰ জাতিলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে ভাৰত চৰকাৰে ড০ এম এছ স্বামীনাথনক ভাৰতৰত্ন প্ৰদান কৰাটো অপৰিসীম আনন্দৰ বিষয়। প্ৰত্যাহ্বানমূলক সময়ত ভাৰতক কৃষিক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা লাভ কৰাত সহায় কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু ভাৰতীয় কৃষি আধুনিকীকৰণৰ দিশত অসাধাৰণ প্ৰচেষ্টা চলাইছিল। স্বামীনাথনৰ দূৰদৰ্শী নেতৃত্বই ভাৰতীয় কৃষিৰ ৰূপান্তৰ কৰাই নহয়, জাতিটোৰ খাদ্য সুৰক্ষা আৰু সমৃদ্ধিও নিশ্চিত কৰিছে।

You might also like