নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰী : বিটিআৰৰ ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত তাৰাবাৰীত আজি ৯ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ৯ বজাত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত কথমপি প্ৰাণৰক্ষা পৰে মাৰুতি ভানে কঢ়িয়াই নিয়া বিদ্যালয়ৰ দহজন শিশু ছাত্ৰ-ছাত্ৰীৰ প্ৰাণ । জানিব পৰা মতে, এএছ-২৭ চি-৫৯৯১ নম্বৰৰ এখন ৰৌতা ষ্টেচন অভিমুখৰ পৰা যোৱা ডাম্পাৰে তাৰাবাৰীৰ পৰা ছাত্ৰ-ছাত্ৰী কঢ়িয়াই বিদ্যালয়ৰ অভিমুখে আহি থকা এছ -১৩ এইছ ১৬১৪ নম্বৰ মাৰুতি ভানখনক ৰৌতা ষ্টেচন-তাৰাবাৰীৰ পথত খুন্দা মৰাৰ ফলত মাৰুতিখন বিধ্বস্ত হোৱাৰ লগতে ১০জন ছাত্ৰ-ছাত্ৰী কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়। ফলস্বৰূপে আঘাতপ্ৰাপ্তসকলক প্ৰথমে ৰৌতা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পাছলৈ উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত দুজন ছাত্ৰক প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।
প্ৰেৰক বলোৰাম পাঠক