সোমবাৰে নিশা মঠঘৰীয়াত গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী
নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ সোমবাৰে নিশা নুনমাটি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান চলায়। এই অভিযানৰ অন্তত নুনমাটি আৰক্ষীয়ে ড্ৰাগছ বিক্ৰী কৰি থকা হাতেলোটে আটক কৰে এজন ড্ৰাগছ ব্যৱসায়ীক । গোপন সূত্ৰৰ পম খেদি নুনমাটি থানাৰ আৰক্ষীৰ এটা বৃহৎ দলে মঠঘৰীয়া অঞ্চলত চলাই ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী জনৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ সহ নগদ ৪২,২০০ টকা। উল্লেখ যে ধৃত এই ড্ৰাগছ ব্যৱসায়ী জনে মহানগৰীৰ বিভিন্ন অঞ্চলত ড্ৰাগছ বিক্ৰী কৰি আহিছিল।