নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন ৰাজনৈতিক দল সন্দৰ্ভত কি ক’লে আছুৰ নেতৃত্বই?

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ নতুন ৰাজনৈতিক দল সন্দৰ্ভত আছুৰ সভাপতি দীপাংক নাথে কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ ২৭ ফেব্ৰুৱাৰীত ৰাজ্য়িক কাৰ্যনিৰ্বাহক সভা আৰু ২৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব প্ৰতিনিধি সভা। মহকুমা পৰ্যায়ৰ পৰা আৰম্ভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিসকলো উপস্থিত থাকিব কাৰ্যনিৰ্বাহকত। এই সভাতেই সমগ্ৰ বিষয় সামৰি আমি আলোচনা কৰিম আৰু আলোচনাৰ জৰিয়তে অসমৰ জনসাধাৰণে গম পাব সকলো কথা।

     আনহাতে নতুন ৰাজনৈতিক দল সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে কয় যে ৰাইজে বিচাৰিলে ৰাজনৈতিক দল হ’ব, বিকল্প ৰাজনৈতিক শক্তিৰ উত্থান হ’ব। তেওঁ লগতে কয় যে আছু কেতিয়াও ৰাইজৰ উৰ্ধ্বত নহয়। জনতাই যেতিয়াই যি বিচাৰিব সেইধৰণেই আমি আগুৱাব লাগিব।

You might also like