নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰামায়ণক ‘কল্পকাহিনী’ আখ্যা দি বর্খাস্ত শিক্ষয়িত্রী

🔹 কংগ্রেছশাসিত কর্ণাটকত তীব্র ধর্মীয় বিতর্ক

বিশেষ বাৰ্তা, ১৪ ফেব্রুৱাৰী : ৰাম কাল্পনিক চৰিত্র, ৰামায়ণ–মহাভাৰত কল্পকাহিনী, কবিয়ে লেখা মহাকাব্য৷ বিদ্যালয়ত ছাত্র–ছাত্রীক পাঠদানৰ সময়ত এনে মন্তব্য কৰিছিল এগৰাকী শিক্ষয়িত্রীয়ে৷ এই ‘অপৰাধ’ৰ বাবে বর্খাস্ত কৰা হ’ল কর্ণাটকৰ শিক্ষয়িত্রীগৰাকীক৷ স্থানীয় বিজেপি বিধায়ক আৰু এটা হিন্দুত্ববাদী সংগঠনৰ ধাৰাবহিক বিক্ষোভৰ ফলত চাকৰি হেৰুৱাবলগীয়া হ’ল শিক্ষয়িত্রীগৰাকীয়ে৷ হিন্দুত্ববাদীসকলে এই অভিযোগো আনিছে যে বিদ্যালয়ত পাঠদানৰ সময়ত প্রধানমন্ত্রী নৰেন্দ্র মোদীক লৈ আপত্তিজনক মন্তব্যও কৰিছিল শিক্ষয়িত্রীগৰাকীয়ে৷ এই ঘটনাক কেন্দ্র কৰি কংগ্রেছশাসিত কর্ণাটকত সৃষ্টি হৈছে তীব্র ধর্মীয় বিতর্ক৷ ছেইণ্ট গেৰোছা ইংলিছ এইচআৰ প্রাথমিক বিদ্যালয়ৰ শিক্ষয়িত্রীগৰাকীৰ বিৰুদ্ধে পূর্বৰে পৰা বিজেপি বিধায়ক ডি বেদব্যাস কামাথে হিন্দু ধর্মীৰ আৱেগত আঘাত হনা বুলি অভিযোগ কৰিছিল৷ এইবাৰ কামাথে শিক্ষয়িত্রীগৰাকীক চাকৰি হেৰুৱাবলৈ বাধ্য কৰালে৷

You might also like