নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱৰ ভাৰতীয় মৰাপাট নিগমৰ মৰাপাটৰ গুদামত অগ্নিকাণ্ড

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰী : মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বানমুৰী স্হিত ভাৰতীয় মৰাপাট নিগম (জে চি আই)ৰ মৰাপাটৰ গুদামত আজি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। আবেলি প্ৰায় চাৰি মান বজাত সংঘটিত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ড টোত নিমিষতে ভস্মীভূত হ’ল বহু কোটি টকাৰ মৰাপাট। বাতৰি লিখা পৰলৈকে অগ্নিনিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে যদিও মৰাপাট গুদামৰ জুই বৰ্তমানো নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱা নাই। গুদামটোত কিমান টন মৰাপাট আছিল তাৰ সঠিক তথ্য লাভ কৰিব পৰা হোৱা নাই যদিও গুদামটোত সম্পুৰ্ণ হৈ আছিল মৰাপাটৰে। এনেক্ষেত্ৰত গুদাম টোত কিমান হাজাৰ টন মৰাপাট আছিল সেয়া এতিয়াও কৰ্তৃপক্ষই সদৰি কৰা নাই। জুইৰ লেলিহান শিখাই আবৰি ধৰা মৰাপাটৰ গুদাম টো ৰক্ষা কৰিবৰ বাবে মৰিগাঁও, মৈৰাবাৰী ভূৰাগাঁও আৰু ধিং আদিৰ পৰা অহা ৬ – ৭ খন কৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী অগ্নিনিৰ্বাপনত ব্যৱহাৰ কৰা হয় যদিও সকলো প্ৰচেষ্টা ব্যৰ্থ হয়। অগ্নিকাণ্ড টো ইমানেই ভয়ংকৰ আছিল যে তিনি ঘণ্টাতকৈ অধিক সময় জুইৰ লেলিহান শিখাৰ বাবে স্থানীয় লোক কাষ চাপিব পৰা নাছিল। ফলত সমগ্ৰ অঞ্চল টোত এক আতংকময় পৰিবেশৰ সৃষ্টি হয়। বৰ্তমানো জুইৰ শিখাই আগুৰি আছে গুদামটোত। উল্লেখ্য যে গুদামটোৰ বাহিৰতো অসুৰক্ষিত অৱস্থাত আছিল বহু হাজাৰ কুইণ্টল মৰাপাট। দৈব্য ক্ৰমে জেচি আই গুডামৰ কাষত আজি অগ্নিকাণ্ডৰ সময়ত মাল ভৰ্তি ট্ৰাক নাছিল। অগ্নিকাণ্ড টোত প্ৰায় নিঃশেষ হৈছে বৃহৎ মৰাপাটৰ গুদামটো। ভয়ংকৰ অগ্নিকাণ্ড টোৰ উৎসক লৈ জেচিআই ভূৰাগাঁও শাখাৰ দায়িত্বত থকা প্ৰৱন্ধক গৰাকীলৈ একাংশ স্থানীয় লোকৰ সন্দেহৰ আঙুলি টোৱাঁইছে। তেওঁলোকে অভিযোগ কৰি সংবাদ মাধ্যমৰ আগত কয় যে সম্পুন্ন অসুৰক্ষিত অৱস্হাত হাজাৰ হাজৰ কুইণ্টল মৰাপাট গুদাম টোৰ বাহিৰত ৰখা হৈছিল। স্হানীয় কৃষক সকলে তদন্তৰ দাবী কৰিছে ভয়ংকৰ অগ্নিকাণ্ড টোৰ । অগ্নিকাণ্ডৰ খবৰ পোৱা মাত্ৰকে ভূৰাগাঁও থানা আৰক্ষী ঘটনা স্হলীত উপস্থিত হৈ অগ্নিনিৰ্বাপন কাৰ্য তদাৰক কৰে। ইফালে ঘটনাস্থলীত বৰ্তমান মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে।

প্ৰেৰক আবুল কালাম

You might also like