বিশেষ বাৰ্তা, ১৫ ফেব্রুৱাৰী : লোকসভা নির্বাচনৰ পূর্বে ৰাজ্যসভাত খালী হোৱা সাংসদৰ পদ পূৰণ কৰিবলৈ অহা ২৭ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভা নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্রার্থী ঘোষণা কৰিছে৷ এই প্রার্থী ঘোষণাত ৰাজ্যসভাৰ সাংসদ হৈ থকা কেইবাগৰাকীৰ কার্যকাল সামৰণি পৰাত পুনৰ নির্বাচনৰ বাবে প্রার্থী ঘোষণা কৰিছে দলসমূহে৷ হিমাচল প্রদেশৰ পৰা সাংসদ হিচাপে থকা বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ কার্যকালো সামৰণি পৰিবলগীয়া হোৱাত তেওঁক এইবাৰ গুজৰাটৰ পৰা প্রার্থিত্ব আগবঢ়োৱা হৈছে৷ আনপিনে ইউপিএৰ অধ্যক্ষ তথা কংগ্রেছৰ প্রাক্তন সভানেত্রী, লোকসভাৰ সাংসদ ছোনিয়া গান্ধীয়ে তাৎপর্যপূর্ণভাৱে ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ সাংসদ পদৰ বাবে মনোনয়ন দাখিল কৰিছে৷ ৰাইবেৰেলি লোকসভা সমষ্টিৰ সাংসদ ছোনিয়া গান্ধীয়ে আচম্বিতে ৰাজ্যসভাৰ বাবে মনোনয়ন দাখিল কৰাক লৈ চর্চা হৈছে৷ বিজেপিয়ে সদ্য কংগ্রেছত্যাগী মহাৰাষ্ট্রৰ প্রাক্তন মুখ্যমন্ত্রী অশোক চৱনক ৰাজ্যখনৰ পৰা ৰাজ্যসভাৰ প্রার্থী ঘোষণা কৰিছে৷