নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 ১০ মাহত ১,৬০০ কোটি টকাৰ সুৰা বিক্রী

বিশেষ বাৰ্তা, ১৫ ফেব্রুৱাৰী : দেশৰ ৰাজধানী দিল্লী সংলগ্ন উত্তৰ প্রদেশৰ পশ্চিম প্রান্তৰ গৌতম বুদ্ধ নগৰত ১০ মাহতে ১,৬০০ কোটি টকাৰ সুৰা বিক্রী হোৱাৰ তথ্যই চর্চা লাভ কৰিছে৷ উত্তৰ প্রদেশ সবাতোকৈ সুৰা বিক্রী হোৱা স্থান হিচাপে স্বীকৃত হোৱা গৌতম বুদ্ধ নগৰত বিগত বর্ষৰ তুলনাত সুৰাৰ বিক্ৰী ২৫ শতাংশ বৃদ্ধি পাইছে৷ সুৰা বিক্রীৰে ৰাজহ সংগ্রহ কৰাৰ ক্ষেত্রত গৌতম বুদ্ধ নগৰে অভিলেখ সৃষ্টি কৰাত নগৰ কর্তৃপক্ষক প্রমাণ–পত্রৰে স্বীকৃতি দিছে আবকাৰী আয়ুক্তই৷ ১০ মাহত নগৰবাসীয়ে ১,৬০০ কোটি টকাৰ সুৰা সেৱনক লৈও চর্চা চলিছে৷ মন কৰিবলগীয়া যে গৌতম বুদ্ধ নগৰ কর্তৃপক্ষই বিশেষকৈ আবকাৰী বিভাগে বছৰটোত ২৩২৪ কোটি টকাৰ সুৰা বিক্রীৰে ৰাজহ সংগ্রহৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ মুখ্যমন্ত্রী যোগী আদিত্যনাথ নেতৃত্বাধীন বিজেপিৰ উত্তৰ প্রদেশ চৰকাৰৰ সুৰা বিক্রীৰ এই অভিলেখে প্রতিক্রিয়াৰো সৃষ্টি কৰিছে৷

You might also like