নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘হিমন্ত মামা আমাক দলংখন বনাই দিয়ক’ : সোণাৰিত কণ কণ ছাত্ৰ-ছাত্ৰীৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰী : চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৰ ঐতিহাসিক লাহদৈগড় পথৰ ওপৰত থকা জৰাজীৰ্ণ দলঙেৰে বিপদসংকুল যাতায়াত কৰি আহিছে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে। তদুপৰি দশক দশক ধৰি সীমামূৰীয়া ৰাইজে বিপদসংকুল যাত্ৰা কৰাৰ উপৰি ৰোগীক কান্ধত তুলি পাৰ কৰিব লগা হয় দলংখনৰ ওপৰেৰে। এইক্ষেত্ৰত লাহদৈগড় গুটিবাৰী প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে আজি ‘হিমন্ত মামা আমাক দলংখন বনাই দিয়ক’ বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক কাতৰ অনুৰোধ জনায়। এই পথটিৰ দুৰৱস্থাই যমৰ যাতনা ভোগাইছে সীমামূৰীয়া অঞ্চলৰ বহুকেইখন গাঁৱৰ ৰাইজক। সেয়েহে আজি গাঁৱৰ ৰাইজৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে সংবাদ মাধ্যমৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক পথটোৰ লগতে বিধ্বস্ত দলংখন নিৰ্মাণ কৰি দিয়াৰ বাবে দাবী জনাইছে।

প্ৰেৰক আব্দুল জাব্বাৰ

You might also like