নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত ৰঙৰ কাৰখানাত বিস্ফোৰণত ১১জনৰ মৃত্যু

বিশেষ বাৰ্তা, ১৬ ফেব্ৰুৱাৰী : দিল্লীত বিস্ফোৰণৰ ফলত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত কমেও ১১জন লোকৰ মৃত্যু হয়। আহত হৈছে কমেও চাৰিজন লোক। কেইবাজনো লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। প্ৰায় তিনি ঘণ্টাৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণলৈ আনে। জানিব পৰা মতে, দিল্লীৰ আলিপুৰ অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫:৩০ বজাত এটা ৰঙৰ কাৰখানাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। নিশা প্ৰায় ৯ বজাতহে অগ্নিকাণ্ড নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় । কিন্তু সেই সময়লৈকে ১১জন লোক জ্বলি ছাই হৈছিল। জুই নিৰ্বাপণ কৰাৰ পিছত তেওঁলোকৰ জ্বলি যোৱা মৃতদেহ উদ্ধাৰ কৰা হয়। তাৰ লগতে চাৰিজন আহত লোকক উদ্ধাৰ কৰা হয়। সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আহত লোককেইজন। অৱশ্যে এতিয়াও কেইবাজনো লোকৰ সন্ধান পোৱা নাই বুলি সূত্ৰই প্ৰকাশ কৰিছে। জানিব পৰা মতে, আহতসকলৰ ভিতৰত এজন আৰক্ষীও আছে। দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ সঞ্চালক অতুল গাৰ্গে জানিবলৈ দিয়া মতে, বিস্ফোৰণৰ লগে লগে ৰঙৰ কাৰখানাটোত জুই লাগে। কেইবাটাও ৰাসায়নিক পদাৰ্থ মজুত কৰি ৰখাৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয়। প্ৰথম অৱস্থাত ৰং কাৰখানাটোৰ ১১জন শ্ৰমিক জ্বলি যোৱাৰ খবৰ পোৱা গৈছিল। কিন্তু মৃতদেহ চিনাক্ত কৰাটো অসম্ভৱ হৈ পৰে। সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

You might also like