নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নীৰ কটা মূৰ হাতত লৈ ৰাজপথত অনিল

বিশেষ বাৰ্তা, ১৬ ফেব্ৰুৱাৰী : এহাতত কটাৰী, আনখন হাতত পত্নীৰ কটা মূৰ। উত্তৰ প্ৰদেশত বৃহস্পতিবাৰে অনিল নামৰ এজন ব্যক্তিয়ে পত্নীৰ কটা মূৰ হাতত লৈ ৰাজপথত ঘূৰি ফুৰা দেখা যায়। এনে এক ভয়ানক ঘটনাই ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি কৰে। জানিব পৰা মতে, আঠ বছৰ পূৰ্বে মহিলাগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল অভিযুক্ত অনিল। কিন্তু তেওঁলোকে পৃথকে পৃথকে বাস কৰিছিল। অভিযুক্ত অনিলে তেওঁৰ পত্নী পৰকীয়া প্ৰেমত জড়িত বুলি সন্দেহ প্ৰকাশ কৰিছিল। পিছত অনিলে পত্নীৰ মূৰ কাটি হত্যা কৰা বুলি আৰক্ষীয়ে দাবী কৰে। দম্পতীটোৰ দুটা সন্তানো আছে। আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেৰা চলাই আছে। অভিযুক্ত অনিলে ৰাজমিস্ত্ৰীৰ কাম কৰিছিল বুলি জানিব পৰা গৈছে।

You might also like