নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ আজিৰ পৰা অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত হয় নগৰবেৰা উঃ মাঃ পৰীক্ষা কেন্দ্ৰত। পৰীক্ষাৰ পূৰ্বে পৰীক্ষাৰ্থী আৰু অভিভাৱকৰ যথেষ্ট ভিৰ দেখা যায় পৰীক্ষা কেন্দ্ৰত। বিদ্যালয়ৰ অধ্যক্ষ ধনেশ্বৰ দাসে জনোৱা মতে এইবাৰৰ পৰীক্ষাত নগৰবেৰা পৰীক্ষা কেন্দ্ৰত মুঠ ৫২০গৰাকীকৈ পৰীক্ষাৰ্থীৰ ভিতৰত ১৪গৰাকী অনুপস্থিত থাকে। পৰীক্ষা কেন্দ্ৰত ক্ৰমে নগৰবেৰা উঃ মাঃ বিদ্যালয়, ছোৱালী হাইস্কুল, জামলাই উঃ মাঃ বিদ্যালয়, শংকৰদেৱ উচ্চ ইংৰাজী বিদ্যালয় আৰু বি পি হাইস্কুল, এফ এ আহমেদ হাইস্কুল, মুঠ ছখনকৈ শিক্ষানুষ্ঠানৰ পৰীক্ষাৰ্থী আছে। আজি ইংৰাজী বিষয়ৰ প্ৰথম দিনৰ পৰীক্ষাক লৈ সকলোৰে মাজত ব্যস্ততা পৰিলক্ষিত হয় যদিও বহু বিকল্প প্ৰশ্নৰ ৪৫ নম্বৰ উজু হোৱা বুলি মন্তব্য কৰি পৰীক্ষাৰ্থীসকল উৎফুল্লিত হৈ পৰে। পৰীক্ষা কেন্দ্ৰত অধ্যক্ষ ধনেশ্বৰ দাস, কেন্দ্ৰ সভাপতি আনন্দ দাস, নিৰীক্ষক বিষয়া বিষ্ণুৰাম দাস আৰু আবেলি উঃ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বাণিজ্য বিদ্যা বিষয়ৰ পৰীক্ষাত কেন্দ্ৰ নিৰীক্ষক হিচাপে উপস্থিত থাকে ৰবিলোচন ঠাকুৰীয়া। পৰীক্ষা সুকলমে অনুষ্ঠিত হোৱাত অধ্যক্ষ ধনেশ্বৰ দাসেও সন্তোষ ব্যক্ত কৰে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস