চানডুবিৰ পৰা অমল কলিতা, নুৰুল ইছলাম, ১৬ ফেব্ৰুৱাৰীঃ ঐতিহাসিক চানডুবি বিলৰ পাৰত আজি পুৱাৰ ভাগতে সংঘটিত হয় এক ভয়াবহ বিমান দুৰ্ঘটনা৷ মুহূৰ্ততে হুৱাদুৱা লাগি পৰে চানডুবিৰ পাৰ ৷ কিছু মুহূৰ্তৰ পাছতে আকাশমাৰ্গৰ পৰা হেলিকপ্টােৰেৰে পৰিদৰ্শন কৰাৰ পিছতে বিভাগীয় সেনাকে ধৰি সংশ্লিষ্ট বিভাগৰ ফালৰ পৰা তীব্ৰ উদ্ধাৰ অভিযানত নামি পৰা পৰিলক্ষিত হয় ৷ এয়া আচলতে কোনো প্ৰকৃত বিমান দুৰ্ঘটনা নহয় ৷ ভাৰতীয় বিমান পৰিবহণ প্ৰাধিকৰণ, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু কামৰূপ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ যুটীয়া উদ্যোগত অনুষ্ঠিত কৰা মকড্ৰিল আখৰাহে ৷ কামৰূপ জিলাৰ অসম মেঘালয় সীমান্তৰ চানডুবি বিলখনৰ পাৰত অনুষ্ঠিত এই মকড্ৰিলত বায়ু সেনা বাহিনী, নৌ সেনা বাহিনী, এন ডি আৰ এফ, এছ ডি আৰ এফ, অগ্নি নিৰ্বাপক সেৱা, জিলা আৰক্ষী, অসামৰিক প্ৰতিৰক্ষা বাহিনী, স্বাস্থ্য আৰু জনসংযোগ বিভাগেও অংশগ্ৰহণ কৰে। পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা এই আখৰা উদ্ধাৰ অনুশীলনত বায়ু সেনা বাহিনীৰ হেলিকপ্টাৰ, কেবাখনো ড্ৰোণ, স্বাস্থ্য বিভাগৰ এম্বুলেন্স, অগ্নি নিৰ্বাপনৰ গাড়ী আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ভালে সংখ্যক আহিলাৰ সহায় লোৱা হয়। এই বিষয়ে সদৰি কৰি অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰাণজিৎ কুমাৰ দেৱে কয় যে, যি কোনো দুৰ্যোগপূৰ্ণ পৰিস্থিতিৰ বাবে আমি সাজু থাকিবলৈ এনেধৰণৰ আখৰা অভিযানৰ খুবেই আৱশ্যক হয়। এনে পৰিস্থিতিত বিভাগ সমূহে কেনেদৰে কাম কৰিব সেই বিষয়ে এটা প্ৰস্তুতিমূলক আখৰা সুন্দৰকৈ সম্পন্ন কৰাৰ ফলত আমি তেনে পৰিস্থিতিৰ মুখামুখি হলে ভালদৰে পৰিচালনা কৰাৰ বাবে সহজ হ’ব বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত উপস্থিত থকা জিলা আৰক্ষী অধীক্ষক হিতেশ ৰয়ে কয় যে আজিৰ এই অনুষ্ঠানে সকলো বিভাগৰ সহযোগিতাৰ জৰিয়তে কিদৰে আমি বিপদ কালিন পৰিস্থিতিৰ মুখামুখি হ’ব পাৰো সেই বিষয়ে প্ৰশিক্ষণ দিয়া হয়। এই অভিযানৰ বাবে এখন ধ্বংসপ্ৰাপ্ত ডোনিয়াৰ ২২৮ বিমানৰ আৰ্হিও প্ৰস্তুত কৰা হয়। অভিযানৰ সৈতে সঙ্গতি ৰক্ষা কৰি দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা উদ্ধাৰ অভিযানত ব্যৱহৃত বিভিন্ন অত্যাধুনিক আহিলাৰ এখন প্ৰদৰ্শনীও অনুষ্ঠিত হয়। অনুষ্ঠানত ভাৰতীয় বিমান বন্দৰ কৰ্তৃপক্ষৰ আঞ্চলিক কাৰ্যবাহী সঞ্চালক ড: সনমুখ জুগানী, বিমান পৰিবহন বিভাগৰ উপ- সঞ্চালক প্ৰধান আশীষ ডুবে, ভাৰতীয় বায়ুসেনা বাহিনীৰ গ্ৰুপ কেপ্টেইন মনু কাপুৰ, ভাৰতীয় উপকুল সুৰক্ষা বাহিনীৰ কমাণ্ডেন্ট অনিল কুমাৰ, নৌ সেনা বাহিনীৰ কেপ্টেইন ভি কে ডুগৰ, গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰৰ মুখ্য কাৰ্যবাহী বিষয়া উৎপল বৰুৱা, কামৰূপৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অভিযন্তা ৰাজেশ দত্ত আৰু সহাঁৰি বিষয়া কৃপালজ্যোতি মজুমদাৰ প্ৰমুখ্যে কেইবাজনো জ্যেষ্ঠ বিষয়া, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া ৰাজীৱ দত্ত চৌধুৰীকে ধৰি বিষয়া সকলে অংশগ্ৰহণ কৰে। এই অনুশীলন কাৰ্যসূচীত ভালে সংখ্যক স্থানীয় লোকেও অংশ গ্ৰহণ কৰে।