নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলাক্ষেত্ৰত মিছন বসুন্ধৰা ৩.০ৰ শুভাৰম্ভ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ ফেব্ৰুৱাৰীঃ ভূমি ব্যৱস্থাপনালৈ যুগান্তকাৰী পৰিৱর্তন আৰু ভূমি ৰাজহ সেৱা সঠিক ৰূপেৰে আগুৱাই নিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে শুভাৰম্ভ কৰা মিছন বসুন্ধৰাৰ তৃতীয় পর্যায় অর্থাৎ মিছন বসুন্ধৰা ৩.০ আগন্তুক লোকসভা নির্বাচনৰ পিছতে ৰাজ্যজুৰি আৰম্ভ কৰা হব৷ তদুপৰি ১০০ শতাংশ জনজাতীয় লোকৰ বসতিপূর্ণ ৰাজহ গাঁও আৰু অনুসূচীত জাতিৰ লোকৰ বসতি থকা গাঁওসমূহ সংৰক্ষিত বলয়লৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা গ্রহণ কৰিছে৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অনুষ্ঠিত মিছন বসুন্ধৰা ২.০ৰ সামৰণি আৰু নতুন সেৱাৰে মিছন বসুন্ধৰা ৩.০ৰ প্রস্তুতিৰ আৰম্ভণি অনুষ্ঠানত অংশগ্রহণ কৰি আজি মুখ্যমন্ত্রী ডঙ্ম হিমন্ত বিশ্ব শর্মাই এই কথা সদৰি কৰে৷ উল্লেখ্য যে, মিছন বসুন্ধৰাৰ জৰিয়তে অসমে সংহত ভূমি প্রশাসনৰ যাত্রাত ক্রমান্বয়ে অগ্রসৰ হৈছে৷ ২০২১ চনৰ ২ অক্টোবৰত শুভাৰম্ভ হোৱা আৰু ২০২২ চনৰ ৮ মেত সামৰণি পৰা মিছন বসুন্ধৰা ১.০ত প্রথমবাৰৰ বাবে ১০ টা ভূমি সম্পর্কীয় সেৱা অনলাইন যোগে আগবেোৱা হৈছিল আৰু ইয়াৰ জৰিয়তে ৰাজ্য চৰকাৰে ৮ লাখ ভূমি সংক্রান্তীয় আৱেদন নিষ্পত্তি কৰিবলৈ সক্ষম হৈছিল৷ আনহাতে উচ্চস্তৰৰ ভূমি সম্পর্কীয় সেৱা আগৱৱাই ২০২২ চনৰ ১৪ নৱেম্বৰত মিছন বসুন্ধৰা ২.০ আৰম্ভ কৰা হৈছিল৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দায়িত্বগ্রহণৰ পিছৰে পৰা বর্তমানৰ ৰাজ্য চৰকাৰখনে ভূমিলেখৰ সংস্কাৰ আৰু ইয়াক ডিজিটেল পর্যায়লৈ লৈ যোৱাৰ বাবে নিৰন্তৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ তেওঁ মন্তব্য কৰে যে মিছন বসুন্ধৰাৰ প্রথম পর্যায়ত লাভ কৰা ৮ লাখ আৱেদন নিষ্পত্তিৰ জৰিয়তে ৰাজহ বিভাগক জনসাধাৰণৰ ওচৰ চপাই নিবলৈ ৰাজ্য চৰকাৰ সফল হৈছিল৷ আনহাতে মিছন বসুন্ধৰাৰ দ্বিতীয় পর্যায় অর্থাৎ মিছন বসুন্ধৰা ২.০ মুখ্যতঃ খিলঞ্জীয়া লোকৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছিল আৰু এই অভিযানে খিলঞ্জীয়া জনসাধাৰণৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে৷ মুখ্যমন্ত্রীয়ে কয় যে মিছন বসুন্ধৰা ২.০ৰ অধীনত ১৩ লাখ ৩৯ হাজাৰ ৬০৫ খন আৱেদন লাভ কৰা হৈছিল আৰু সম্পূর্ণ পুনৰীক্ষণ, মহকুমা পর্যায়ৰ ভূমি পৰামর্শদাতা সমিতি তথা অসম চৰকাৰৰ অনুমোদনৰ ভিত্তিত অফাৰ অৱ ছেটেলমেণ্ঢ লাভ কৰা ৮৪ শতাংশ লোকেই হৈছে অনুসূচিত জনজাতি, অনুসূচিত জাতি, অন্যান্য পিছপৰা শ্রেণী আৰু এম অ বি চিৰ অন্তর্গত খিলঞ্জীয়া লোক৷ তেওঁ লগতে সদৰি কৰে যে মিছন বসুন্ধৰা ২.০ৰ অধীনত ব্রহ্মপুত্র উপত্যকাত মুঠ ৩ লাখ ১ হাজাৰ ৩৩১ বিঘা ১ কঠা ৭ লেছা আৰু বৰাক উপত্যকাত ১ হাজাৰ ২১৪ বিঘা ১৩ কঠা ৭ চাটক আৰু ১১ গোণ্ডা ভূমিৰ বন্দোবস্তি কৰা হৈছে৷ ভূমিহীন লোকৰ মাজত ভূমি থকা লোকে যাতে পট্টা নাপায় আৰু মধ্যভোগীয়ে যাতে স্থান লাভ নকৰে সেই দিশত চৰকাৰ সফল হবলৈ সমর্থ হৈছে বুলি মন্তব্য কৰি ড০ শর্মাই কয় যে ৰাজ্যখনে দুর্নীতিমুক্ত হোৱাৰ দিশত ক্রমান্বয়ে আগবাঢ়িছে৷ আনহাতে মিছন বসুন্ধৰা ৩.০ৰ সন্দর্ভত মুখ্যমন্ত্রীয়ে কয় যে মিছন বসুন্ধৰাৰ এই তৃতীয় পর্যায়ৰ অধীনত ৰাজ্য চৰকাৰে পৰৱর্তী প্রজন্মৰ সেৱা আৰম্ভ কৰাৰ চিন্তা কৰিছে৷ তেওঁ মন্তব্য কৰে যে মিছন বসুন্ধৰা ২.০ত ভূমিত তিনিটা প্রজন্ম ধৰি বসবাস কৰা লোকসকলেহে পট্টা লাভৰ অধিকাৰী বুলি সংজ্ঞা ধার্য কৰা হৈছিল৷ ইয়াৰ ফলত চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্রদায়ৰ লোকসকল ক্ষতিগ্রস্ত হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে মিছন বসুন্ধৰা ৩.০ত চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্রদায়ৰ ক্ষেত্রত তিনিটা প্রজন্মৰ প্রমাণপত্র নিবিচৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু তেওঁলোকে পোনপটীয়াকৈ পট্টা লাভ কৰিব৷ তেনেদৰে গোর্খা সম্প্রদায়ৰ সন্দর্ভত মুখ্যমন্ত্রীয়ে কয় যে এই সম্প্রদায়ৰ বাবেও অনুৰূপ ব্যৱস্থা কৰা হব৷ একেদৰে  অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি লোকৰ ক্ষেত্রতো তিনিটা প্রজন্মৰ প্রমাণপত্র বিচৰাৰ ব্যৱস্থা প্রত্যাহাৰ কৰা হৈছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে মন্তব্য কৰে যে ৰাজ্যত এনে বহু সংগঠন, প্রতিষ্ঠান, সমবায় সমিতি আছে যিসকলে দীর্ঘদিন ধৰি ভূমি ভোগদখল কৰি আছে৷ মিছন বসুন্ধৰা ৩.০ৰ জৰিয়তে এনে সংগঠন, প্রতিষ্ঠান আৰু সমিতিসমূহক পট্টা দিয়াৰ পদক্ষেপ গ্রহণ কৰা হব৷ ভূ–দান  গ্রাম দান ভূমিত বসবাস কৰি থকা লোকসকলকো মিছন বসুন্ধৰাৰ তৃতীয় পর্যায়ত পট্টা দিয়াৰ লগতে নগৰীয়া আৰু পেৰিফাৰেল এলেকাত যুক্তিসংগত প্রিমিয়ামৰ ভিত্তিত বার্ষিক পট্টাৰ পৰা পিৰিয়ডিক পট্টালৈ ৰূপান্তৰ প্রক্রিয়াৰ সম্পূর্ণ ডিজিটেলাইজেচন কৰা হব বুলিও তেওঁ কয়৷ তেনেদৰে গুৱাহাটী মহানগৰীৰ চূণচালি আৰু ডিব্রুগডত বহুলোক চাহ বাগিচা গ্রাণ্ঢত বসবাস কৰি থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে প্রকৃতার্থত ভূমিহীন যিসকল লোকে এনে ভূমিত বাস কৰি আছে তেনে লোকসকলক এককালীন সুযোগ হিচাপে পট্টা দিয়াৰ পদক্ষেপ মিছন বসুন্ধৰাৰ তৃতীয় পর্যায়ত লোৱা হব৷ মিছনৰ সমাপ্তিৰ পিছত অনুদানৰ ভূমি অনির্দিষ্ট কামত ব্যৱহাৰ কৰিলে সেয়া জৰিমনাৰ সৈতে শাস্তিমূলক অপৰাধ হিচাপে বিবেচনা কৰিবলৈ প্রয়োজনীয় আইনী ব্যৱস্থা প্রৱর্তন কৰা হব৷ তেনেদৰে ভূমিৰ অভিলেখৰ নির্ণায়কতা অধিক গভীৰ কৰাৰ লক্ষ্যৰে ভূমিৰ অংশসমূহৰ ভূ–স্থানীয় মানচিত্রৰ ডিজিটেল ডেলিভাৰীৰ সুবিধাৰ বাবে এক নতুন সেৱা আৰম্ভ কৰা হব বুলি উল্লেখ কৰি তেওঁ এজমালি পট্টাৰ বাটোৱাৰাৰ বিষয়টোক অগ্রাধিকাৰৰ হিচাপে লবলৈ উপস্থিত বিষয়াসকলক আহ্বান জনায়৷ ভাৰত চৰকাৰৰ গ্রাম্য উন্নয়ন মন্ত্রণালয়ৰ ভূমি সম্পদ বিভাগে আৰম্ভ কৰা এন জি ডি আৰ এছ প্রকল্পৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে বর্তমান এই প্রকল্প কামৰূপ আৰু দৰঙৰ ৬ টা উপ–পঞ্জীয়কৰ কার্যালয়ত প্রৱর্তন কৰা হৈছে আৰু ৰাজ্যখনৰ সকলো উপ–পঞ্জীয়কৰ কার্যালয়ত প্রৱর্তনৰ প্রক্রিয়া চলি আছে৷ ড০ শর্মাই ভাষণ প্রসংগত বকেয়া ভূমি ৰাজহ সংগ্রহৰ বাবেও অভিযান আৰম্ভ কৰা হব বুলি উল্লেখ কৰি ভূমি বিক্রীৰ অনুমতিৰ আৱেদনসমূহ শীঘ্রে প্রদানৰ ব্যৱস্থা কৰিবলৈ বিষয়াসকলক আহ্বান জনায়৷ আনহাতে বৰপেটা, মাজুলী, নাৰায়ণপুৰ আৰু বটদ্রৱাক ঐতিহ্য বলয় হিচাপে স্বীকৃতি দিয়াৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে অনুৰূপ পদক্ষেপৰ জৰিয়তে যিসমূহ গাঁৱত ১০০ শতাংশ জনজাতীয় লোক অথবা অনুসূচিত জাতিৰ লোক বসবাস কৰি আছে তেনে গাঁওসমূহো জিলা আয়ুক্তৰ দ্বাৰা জৰীপৰ অন্তত সংৰক্ষিত বলয়ৰ আওতালৈ অনাৰ পৰিকল্পনা গ্রহণ কৰা হৈছে৷ এনে পদক্ষেপৰ জৰিয়তে গাঁওসমূহ সুৰক্ষিত হৈ থাকিব বুলি মন্তব্য কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰে ভূমি, সংস্কৃতি আৰু ঐতিহ্যৰ ৰক্ষণাবেক্ষণেৰে ভৱিষ্যৎ প্রজন্মৰ কাৰণে অসমক সুৰক্ষিত কৰিব বিচাৰিছে৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে মিছন বসুন্ধৰাৰ চতুর্থ পর্যায় হিচাপে মিছন বসুন্ধৰা ৪.০ৰ জৰিয়তে চৰাঞ্চলৰ ভূমি জৰীপ কৰা হব বুলিও কয়৷ তেওঁ মন্তব্য কৰে যে ৰাজ্যত কিমান স্থায়ী চৰ আছে আৰু কোনবোৰ চৰত বসতি স্থাপন হলে পৰিৱেশৰ ওপৰত বিৰূপ প্রতিক্রিয়া আহি নপৰে সেই সন্দর্ভত জৰীপ চলোৱাৰ প্রয়োজনীয়তা আছে, অন্যথা চৰাঞ্চলত মাতব্বৰী শাসন ব্যৱস্থাৰ অৱসান ঘটাব পৰা নাযাব৷ ব্রহ্মপুত্রৰ বুকুৰ পৰা নতুনকৈ সৃষ্টি হোৱা ভূমিৰ জৰীপৰ প্রয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রীয়ে কয় যে উদ্ভাৱনীমূলক মানসিকতাৰেহে অসমখন সমস্যামুক্ত কৰিব পৰা যাব৷ তেওঁ লগতে কয় যে আগন্তুক ৫ বছৰৰ ভিতৰত অসমৰ ভূমি সংক্রান্তীয় সমস্যাসমূহ সমাধানৰ জৰিয়তে এক উন্নত ভূমি ৰাজহ প্রশাসন ব্যৱস্থা জনসাধাৰণৰ বাবে গঢ়ি তুলিব পৰা যাব৷ এই দিশত সকলো বিষয়া–কর্মচাৰীকে উৎসর্গিতভাৱে  সেৱা আগববাবলৈ তেওঁ আহ্বান জনাই লগতে কয় যে ৰাজ্য চৰকাৰে কাননগো আৰু মণ্ডল পদৰ নাম সলনি কৰাৰো পদক্ষেপ আগন্তুক লোকসভা নির্বাচনৰ পিছতে গ্রহণ কৰিব৷ ভূমি সংক্রান্তীয় কাম–কাজসমূহ দ্রুততাৰে সম্পাদনৰ অর্থে প্রতিখন জিলাৰ ১০–ৰচ্ গৰাকী ৰাজ্য চৰকাৰৰ তৃতীয় বর্গৰ কর্মচাৰীক ভূমিৰ কাম–কাজ সম্পর্কীয় প্রশিক্ষণ ব্যৱস্থা কৰিবলৈও জিলা আয়ুক্তসকলক আহ্বান জনায়৷  আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে ৰাষ্ট্রীয় সাধাৰণ দস্তাৱেজ পঞ্জীয়ন প্রণালী আনুষ্ঠানিকভাৱে লোকার্পণ কৰাৰ লগতে বসুন্ধৰা ২.০ ৰূপায়ণৰ সময়ছোৱাত উল্লেখনীয় সেৱা আগবেোৱা বিষয়া–কর্মচাৰীসক বঁটা প্রদান কৰে৷ মুখ্যমন্ত্রীয়ে মিছন বসুন্ধৰা ২.০ৰ জৰিয়তে পট্টা লাভ কৰা ৫ গৰাকী ব্যক্তিলৈ আজিৰ এই অনুষ্ঠানতে আনুষ্ঠানিকভাৱে পট্টা প্রদান কৰে৷  ৰাজহ বিভাগৰ মন্ত্রী যোগেন মহনেও ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, বিশেষ মুখ্য সচিব ড০ ৰবি কোটা, অতিৰিক্ত মুখ্য সচিব অবিনাশ যোশী, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্রধান সচিব জি ডি ত্রিপাঠী, মুখ্যমন্ত্রীৰ প্রধান সচিব কে কে দ্বিবেদী, ভূমিলেখ্য আৰু জৰীপ বিভাগৰ সঞ্চালক শান্তনু গোটমাৰে, ৰাজ্যিক তথ্য বিষয়া অতনু দাসৰ উপৰি জিলা আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, চক্র বিষয়া তথা মিছন বসুন্ধৰা ২.০ৰ কেইবাগৰাকীও হিতাধিকাৰী উপস্থিত থাকে৷
You might also like