নৰকত পৰিণত ৰাফা
গাজা ভূখণ্ডত নিৰীহ পেলেষ্টাইনীৰ ওপৰত আক্রমণ তীব্রতৰ কৰিছে ইজৰাইলী সেনাই৷ পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছক উৎখাতৰ সংকল্পৰে ইজৰাইলে যোৱা তিনি মাহতকৈ অধিককাল ধৰি গাজা ভূখণ্ডত চলাই থকা সামৰিক অভিযানত আটাইতকৈ ক্ষতিগ্রস্ত হৈছে নিৰীহ লোকসকল৷ পেলেষ্টাইনী স্বাস্থ্য মন্ত্রালয়ৰ সূত্রই সদৰী কৰা অনুসৰি এতিয়ালৈকে ২৮ সহস্রাধিক লোকে প্রাণ হেৰুৱাইছে ইজৰাইলৰ বোমা–ক্ষেপণাস্ত্রৰ আঘাতত৷ নিহত লোকসকলৰ ভিতৰত অধিকসংখ্যকেই হৈছে শিশু আৰু মহিলা৷ এনে পাশৱিক তথা হিংস্র আক্রমণক লৈ সমগ্র বিশ্বই প্রতিক্রিয়া প্রকাশ কৰি আহিছে৷ হামাছৰ সৈতে যুদ্ধবিৰতিৰ চুক্তি স্বাক্ষৰ কৰিবলৈ ইজৰাইলক দাবী জনাই আহিছে ইউৰোপীয় দেশসমূহে৷ আনকি নিৰীহ লোকৰ পাইকাৰী হাৰত মৃত্যু হোৱা ঘটনাক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে আমেৰিকাই৷ ইজৰাইলৰ বন্ধু ৰাষ্ট্র আমেৰিকাই তাৎক্ষণিকভাৱে গাজাত হামাছবিৰোধী অভিযান বন্ধ কৰিবলৈ দাবী জনাইছে৷ কিন্তু ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৱে হামাছৰ বিৰুদ্ধে বিজয় সাব্যস্ত নোহোৱালৈকে এই অভিযান চলি থাকিব বুলি ঘোষণা কৰিছে৷ আনকি ৰাষ্ট্রসংঘৰ আহ্বানকো অগ্রাহ্য কৰিছে নেতান্যেহুৱে৷ শেহতীয়াকৈ দক্ষিণ গাজাৰ চহৰ ৰাফাত আৰম্ভ কৰিছে ইজৰাইলে ৰক্তক্ষয়ী অভিযান৷ উত্তৰ গাজাত ভয়াৱহ অভিযানৰ সময়ত প্রাণৰক্ষাৰ বাবে দক্ষিণ গাজালৈ পলায়ন কৰা ১৫ লক্ষাধিক লোকৰ শেষ আশ্রয়স্থলী আছিল ৰাফা৷ এই ৰাফাত সামৰিক অভিযান চলোৱাৰ পূর্বে ইজৰাইলক বাৰে বাৰে নিৰীহ লোকৰ নিৰাপত্তাৰ বিষয়টোৰ ওপৰত গুৰুত্ব প্রদান কৰিবলৈ আমেৰিকাই আহ্বান জনাইছিল৷ মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনে ৰাফাত সামৰিক অভিযান মানে ভয়াৱহ পৰিণতিৰ সৃষ্টি হ’ব বুলি সতর্কবাণী কৰিছিল ইজৰাইলক৷ কিন্তু কোনোধৰণৰ সতর্কবাণীক গুৰুত্ব নিদি যোৱা প্রায় এসপ্তাহ ধৰি ৰাফাত বোমাবর্ষণ কৰি আছে ইজৰাইলী সেনাই৷ আনকি ৰাষ্ট্রসংঘ পৰিচালিত বিদ্যালয়সমূহত বোমা–ক্ষেপণাস্ত্রৰে আঘাত হানিছে ইজৰাইলে৷ ইখনৰ পিছত সিখন হাস্পতাল ক্ষেপণাস্ত্রৰে ধ্বংস কৰিছে ইজৰাইলী বাহিনীয়ে৷ প্রতিদিনে ৰাফাত প্রাণ হেৰুৱাইছে নিৰীহ লোকে৷
ৰাফাত এনে ৰক্তক্ষয়ী অভিযান চলি থকাৰ ফলত লাখ লাখ পেলেষ্টাইনীৰ জীনৱলৈ নামি আহিছে শংকা৷ প্রতিৱেশী ইজিপ্তলৈ বহু লোকে পলায়নৰ চেষ্টা চলাইছে যদিও ৰাফাৰ সীমান্ত পথ ইজৰাইলে বন্ধ কৰি থোৱাৰ ফলত জতুগৃহ দাহৰ দৰে পৰিস্থিতি সৃষ্টি হৈছে চহৰখনত৷ পলায়নৰ চেষ্টা চলালেই ইজৰাইলী সেনাৰ গোলাবর্ষণৰ সন্মুখীন হ’বলগীয়া হৈছে নিৰীহ পেলেষ্টাইনী শিশু–মহিলাসকল৷ অর্থাৎ, ৰাফাৰ পৰিস্থিতি এতিয়া এনে হৈছে যে তাত নিৰাপদে আশ্রয় লৈ থকাটো যিমান কঠিন, পলায়নৰ চেষ্টা চলোৱাটো তাতকৈও কঠিন৷ উত্তৰ গাজা ইতিমধ্যে ধ্বংসস্তূপত পৰিণত হৈছে৷ বসবাসৰ অনুপযোগী হৈ পৰিছে সমগ্র উত্তৰ গাজা৷ এতিয়া দক্ষিণ গাজাত একেই পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অকল সেয়াই নহয়, ইজৰাইলৰ এই ৰক্তক্ষয়ী আক্রমণৰ সমান্তৰালকৈ চৰম দুর্ভিক্ষৰ সৃষ্টি হৈছে ৰাফাত৷ অনাহাৰ, বিভিন্ন ৰোগত কার্যতঃ ৰাফা হৈ পৰিছে অন্য এক নৰক৷ ৰাফাত এনে পাশৱিক অভিযানক লৈ শংকিত হৈ পৰিছে বিশ্বৰ মানৱ অধিকাৰ সংগঠনসমূহ৷ শীঘ্রে এই ভয়াৱহ আক্রমণ বন্ধ কৰিবলৈ ইজৰাইলক মানৱ অধিকাৰ সংগঠনসমূহে দাবী জনাইছে যদিও নিজৰ স্থিতিত অটল হৈ আছে ইহুদী ৰাষ্ট্রখনৰ চৰকাৰ৷ লক্ষণীয় বিষয়টো হৈছে ইজৰাইলৰ এই আক্রমণৰ সময়ত হামাছৰ বিৰুদ্ধে অভিযানতকৈ নিৰীহ লোকৰ বিৰুদ্ধে পাশৱিক অভিযানৰ বিষয়টো অধিক স্পষ্ট হৈ পৰিছে৷ কাৰণ নিৰীহ লোকৰ বসতি অঞ্চলসমূহ প্রথমতে ধ্বংস কৰিছে ইজৰাইলে৷ সাহায্য শিবিৰবোৰত সঘনে বোমাবর্ষণ কৰা হৈছে৷ অর্থাৎ, হামাছক নিঃশেষৰ অচিলা লৈ সমগ্র পেলেষ্টাইন দখল কৰাৰ এক কৌশল গ্রহণ কৰিছে ইজৰাইলে৷ এই বিষয়টোক লৈ উদ্বিগ্ণ এতিয়া সমগ্র আৰব বিশ্ব৷