নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিঙিলৈকে ঋণ ! সংসাৰ চলাব নোৱাৰি ৩ সন্তানক জীৱন্তে জ্বলালে পিতৃয়ে

বিশেষ বাৰ্তা, ১৯ ফেব্রুৱাৰী : ডিঙিলৈকে ঋণ! সংসাৰ চলাব নোৱাৰি তিনি সন্তানক জীৱন্ত অৱস্থাতে জ্বলাই মাৰিলে পিতৃয়ে৷ ঋণৰ বোজা সহিব নোৱাৰি পিতৃয়ে এই সিদ্ধান্ত গ্রহণ কৰাৰ পাছত আত্মহত্যাৰ চেষ্টা চলায়৷ কিন্তু এইক্ষেত্রত সফল হ’ব নোৱাৰিলে পিতৃয়ে৷ বিহাৰৰ কাটিহাৰ জিলাৰ ভাৰিন গাঁৱৰ এই ঘটনাই দেশজুৰি সৃষ্টি কৰিছে চাঞ্চল্য৷ অভিযুক্ত ব্যক্তিৰ নাম দীনেশ সিং৷ তেওঁ শুকুৰবাৰে গভীৰ নিশা তিনি সন্তানক জীৱন্তে জ্বলায়৷ মৃত এই তিনি সন্তানৰ নাম হৈছে ৰিংকী কুমাৰী (৯), ৰাজা কুমাৰ (১২) আৰু শুভংকৰ কুমাৰ (১৩)৷ প্রাথমিক তদন্তৰ পাছতে আৰক্ষী সূত্রই সদৰী কৰিছে যে তিনিওটা শিশুৰ শৰীৰত পেট্র’ল ঢালি জ্বলাই দিয়া হৈছিল৷ ইয়াৰ পাছতে নিজৰ দেহতো অগ্ণিসংযোগ কৰে দীনেশে৷ কিন্তু আধা পোৰা অৱস্থাত এতিয়াও জীৱিত আছে দীনেশ৷ হাস্পতালত দীনেশৰ চিকিৎসা চলি আছে৷

You might also like