নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নিৰ্বাচনত ভোটবৰ্জনৰ হুংকাৰ হৰিজন চাফাই কৰ্মীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ সমাগত লোকসভা নিৰ্বাচনত তিনি লাখ হৰিজন চাফাই কৰ্মীৰ নিৰ্বাচন বৰ্জনৰ হুংকাৰ। চাফাই কৰ্মী অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। লোকসভাত অসমৰ এজনো সাংসদে চাফাই কৰ্মীসকলৰ সমস্যাসমূহ উত্থাপন নকৰাৰ অভিযোগ ছাত্ৰ সংগঠনটোৰ। লগতে যোৱা ৫ বছৰত গুৱাহাটীৰ সাংসদ কুইন ওজাই এবাৰো হৰিজন চাফাই কৰ্মীসকলৰ কাষলৈ নহাৰ অভিযোগ কৰিছে সন্থাটোৱে। তেওঁলোকৰ অভিযোগ- কেৱল নিৰ্বাচন সময়তহে জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ বিপৰীতে আজিলৈ চাফাই কৰ্মীসকলৰ সমস্যা সমাধান নহ’ল বুলি আক্ষেপ কৰে চাফাই কৰ্মী অনুসূচিত জাতি ছাত্ৰ সন্থাই। তেওঁলোকে দাবী কৰে যে আজিও হৰিজন চাফাই কৰ্মীসকল চৰকাৰৰ বহু আঁচনিৰ পৰা বঞ্চিত হৈ আছে। শিশু, মহিলাসকলৰ বাবে চৰকাৰখনে একো সুবিধা নকৰাৰো অভিযোগ কৰিছে। এনেধৰণৰ বঞ্চনাৰ প্ৰতিবাদত আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলে ষ্টাম্প পেপাৰত চাফাই কৰ্মীসকলক লিখিত প্ৰতিশ্ৰুতি দিব লাগিব বুলি দাবী জনাইছে। সেই দাবী পূৰণ হলেহে তেওঁলোকে সাব্যস্ত কৰিব ভোটাধিকাৰ। যদি এনে দাবীলৈ সঁহাৰি নজনায় অনাগত দিনত ৰাজপথত ন্যাৰ্যপ্ৰাপ্তিৰ দাবীত ৰাজপথত আন্দোলন কৰাৰো হুংকাৰ প্ৰদান কৰে চাফাই কৰ্মীসকলে।

You might also like