🔹 উত্তৰ প্রদেশৰ মাহোবাৰ ঘটনাক লৈ সৰস চর্চা
বিশেষ বাৰ্তা, ২০ ফেব্রুৱাৰী : উত্তৰ প্রদেশৰ আৰক্ষীৰ নিয়োগ পৰীক্ষাত বৈচিত্র্যৰ শেষ নাই ! পর্ণ ছবিৰ প্ৰাক্তন তাৰকা ছানি লিওনিৰ নামত এডমিট কার্ড পোহৰলৈ অহাৰ পিছত এইবাৰ দৰাৰ সাজত প্রার্থীয়ে পৰীক্ষাত বহা দেখিবলৈ পোৱা গ’ল৷ উত্তৰ প্রদেশৰ বাসিন্দা প্রশান্ত যাদৱৰ আৰক্ষীৰ নিয়োগ পৰীক্ষাৰ দিনাই আছিল বিয়া৷ দুয়োটা বিষয়ক সমানেই গুৰুত্ব দিছিল যাদৱে৷ গতিকে জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰাৰ পূর্বে পৰীক্ষা কেন্দ্রত দৰাযাত্রী লৈ হাজিৰ হ’ল প্রশান্ত যাদৱ৷ দৰাৰ বেশতেই পৰীক্ষাও দিলে যাদৱে৷ উত্তৰ প্রদেশৰ মাহোবা অঞ্চলত এই আজৱ ঘটনা ঘটিছে৷ দেওবাৰে সন্ধিয়া বিয়াৰ লগ্ন আছিল প্রশান্ত যাদৱৰ৷ যুৱকজনৰ ঘৰ মুধাৰী অঞ্চলত৷ একেদিনাখনেই উত্তৰ প্রদেশ আৰক্ষীৰ চিপাহী পদৰ নিয়োগ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল৷ এনে পৰিস্থিতিত পুৱাই ঘৰৰ পৰা বিবাহ যাত্রী লৈ দৰাৰ সাজত মাহোবাৰ এখন বিদ্যালয়ৰ পৰীক্ষা কেন্দ্রত উপস্থিত হয় প্রশান্ত যাদৱ৷ পৰীক্ষাত বহাৰ পিছত বিবাহ যাত্রী লৈ বান্দাৰ কইনা গৃহলৈ যাত্রা কৰে প্রশান্ত যাদৱে৷ এই ঘটনাক লৈ সৰস চর্চা চলিছে উত্তৰ প্রদেশত৷