নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰী : পুনৰ বহিঃৰাজ্যত নিৰ্যাতনৰ বলি হ’ল অসমৰ যুৱক ৷ এইবাৰ উত্তৰ প্ৰদেশত নিৰ্যাতনৰ বলি হ’ল গোৰশ্বৰৰ নিজ-কাউৰবাহাৰ চন্দ্ৰধৰ দাস (৪০) নামৰ যুৱক এজন । ডকাইতি কাণ্ডক কেন্দ্ৰ কৰি নিৰ্যাতন কৰাৰ অভিযোগ পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ। উল্লেখ্য যে ২ জানুৱাৰীত সংঘটিত হৈছিল এক চুৰিকাণ্ড। চোৰক ধৰি আৰপিএফক গতাই দিছিল গোৰেশ্বৰৰ নিজ-কাউৰবাহাৰ চন্দ্ৰধৰ দাসে। পিছত ডকাইতি কৰা ১০ হাজাৰ টকা আনিবলৈ আৰপিএফে মুম্বাইলৈ মাতিছিল চন্দ্ৰধৰ দাসক। ১৩ ফেব্ৰুৱাৰীত ডকাইতি হোৱা ধন আনিবলৈ গৈছিল দাসে। মুম্বাই ষ্টেচনৰ পৰা ধন লৈ ঘৰলৈ ওভতাৰ পথত উক্ত চোৰৰ দলটোৱে পুনৰ নিৰ্যাতন চলায় চন্দ্ৰধৰ দাসক। মুমূৰ্ষু অৱস্থাত চিকিৎসাধীন হোৱাৰ পৰিয়ালৰ লোকে খবৰ লাভ কৰাত পত্নীৰ লগতে পত্নীৰ ককায়েকে দাসক বিচাৰি যায় উত্তৰ প্ৰদেশৰ চৰকাৰী চিকিৎসালয়লৈ। বৰ্তমান অসহায় পৰিয়ালটোৱে মুখ্যমন্ত্ৰী আৰু ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতালৈ আহ্বান জনাইছে যাতে চন্দ্ৰধৰ দাসক চিকিৎসা প্ৰদানৰ লগতে তেওঁৰ পত্নী তথা ককায়েককো সুকলমে ঘৰলৈ লৈ অহাৰ ব্যৱস্থা কৰে।
প্ৰেৰক বিজয় ৰাজবংশী