বিশেষ বাৰ্তা, ২১ ফেব্ৰুৱাৰী : উচ্চতম ন্যায়ালয়ৰ কিংবদন্তি আইনজীৱী ফলি এছ নৰিমানৰ দেহাৱসান ঘটে। ৯৫ বছৰ বয়সত বিশিষ্ট অধিবক্তাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে । বুধবাৰে পুৱা দিল্লীৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে অধিবক্তাসকলে। জ্যেষ্ঠ অধিবক্তা তথা কংগ্ৰেছ নেতা অভিষেক মনু সিংভীয়ে শোক প্ৰকাশ কৰি কয় যে নৰিমানৰ মৃত্যুত এটা যুগৰ অন্ত পৰিল। অভিষেক সিংভীয়ে তেওঁৰ এক্স হেণ্ডেলত লিখিছে- ‘এটা যুগৰ অন্ত। নৰিমানৰ দেহাৱসান ঘটিল। আমাৰ হৃদয়ত চিৰদিনৰ বাবে ৰৈ যাব তেওঁ।’ নৰিমান কিছুদিন অসুস্থ হৈ আছিল বুলি জনা যায়। বম্বে উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল নৰিমানে। পিছত তেওঁ দিল্লীলৈ গুচি যায়। কিংবদন্তি অধিবক্তাগৰাকীয়ে ১৯৯৯ চনৰ পৰা ২০০৫ চনলৈ ৰাজ্যসভাৰ সদস্য আছিল। ১৯৭২ চনৰ পৰা ১৯৭৫ চনলৈকে তেওঁ অতিৰিক্ত ছলিচিটৰ জেনেৰেল আছিল। ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সময়ত তেওঁ সেই পদৰ পৰা পদত্যাগ কৰিছিল। নৰিমান ১৯৯১ চনৰ পৰা ২০১০ চনলৈ উকীল সন্থাৰ সভাপতি আছিল। ১৯৯১ চনত পদ্মভূষণ বঁটাৰে সন্মানিত হৈছিল। পৰৱৰ্তী সময়ত ২০০৭ চনত পদ্ম বিভূষণ বঁটা লাভ কৰে।