নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোকাৱহ দুৰ্ঘটনাত ৮জনৰ প্ৰাণহানি, সংকটজনক ৬জন চিকিৎসাধীন

বিশেষ বাৰ্তা, ২১ ফেব্ৰুৱাৰী : বিহাৰত মাজনিশা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। ট্ৰাক আৰু অটোৰ সংঘৰ্ষত কমেও ৮জন লোকে প্ৰাণ হেৰুৱায়। আহত হয় ৬জন। এই ঘটনাই শোকাহত কৰি তুলিছে লক্ষীচৰাই জিলাৰ ৰামগৰচক থানা অঞ্চলবাসীক। জানিব পৰা মতে, মঙলবাৰে নিশা প্ৰায় ২ বজাত ঝুলনা গাঁৱত সংঘটিত হয় এই দুৰ্ঘটনাটো। অটোখনত ১৪জন যাত্ৰী আছিল। অটোখন লক্ষীচৰাই অভিমুখে গৈ আছিল। হঠাৎ বিপৰীত দিশৰ পৰা অহা ট্ৰাক এখনে অটোখনত খুন্দা মৰাত থিতাতে মৃত্যু হয় ৮জন লোকৰ। আটাইকেইজন লোক জামালপুৰ থানা এলেকাৰ বাসিন্দা বুলি জনা যায়। অটোখনত থকা বাকী ৬জন লোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত অটোচালক মনোজ কুমাৰো আছিল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ লৈ যায়। আহতসকলৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে গোচৰ ৰুজু কৰি বিষয়টো তদাৰক কৰি আছে। দুৰ্ঘটনাটোৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে দ্ৰুত গতিৰ বাবেই ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই অটোখনক খুন্দা মাৰে বুলি অনুমান কৰা হৈছে।

You might also like