নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালা থানাৰ আলহী হ’ল অভিনন্দন থিয়েটাৰৰ প্ৰযোজক জ্যোতিপদ তালুকদাৰ

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ অসমৰ নাট্যনগৰী হিচাপে পৰিচিত ভ্ৰাম্যমাণ থিয়েটাৰৰ ওপজা ঠাই পাঠশালাতেই ভ্ৰাম্যমাণ থিয়েটাৰ জগতক লজ্জিত কৰিলে পাঠশালাৰেই প্ৰযোজক এগৰাকীয়ে৷ নাট্যনগৰী পাঠশালাত ভ্ৰাম্যমাণ থিয়েটাৰ খুলি অসমৰ সৰ্বোৎকৃষ্ট গণ মাধ্যমটিৰ মৰ্যদাত কালিমা সনা এই প্ৰৱঞ্চক প্ৰযোজকগৰাকীক আটক কৰাক লৈ সমগ্ৰ বজালী অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নাট্যনগৰীৰ পবিত্ৰতাত কালিমা সনা প্ৰযোজকগৰাকীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বজালীৰ ৰাইজে। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ নতুনকৈ আত্মপ্ৰকাশ কৰা এক নাট্যগোষ্ঠী অভিনন্দন থিয়েটাৰৰ প্ৰযোজক জ্যোতিপদ তালুকদাৰক প্ৰৱঞ্চনাৰ অভিযোগত যোৱা নিশা পাঠশালা আৰক্ষীয়ে আটক কৰে৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ নামত বহু লোকৰ পৰা প্ৰৱঞ্চনাৰে ধন আত্মসাৎ, মাটিৰ দালালি আদিকে ধৰি বহু অভিযোগ উত্থাপন হৈ আহিছিল এইগৰাকী জ্যোতিপদ তালুকদাৰৰ বিৰুদ্ধে৷ বহু লোকৰ পৰা প্ৰৱঞ্চনাৰে ধন আত্মসাৎ কৰাৰ লগতে বিগত সময়চোৱাত থিয়েটাৰখনত চুক্তিবদ্ধ হোৱা অভিনেত্ৰী এগৰাকীকো টকা দিবলৈ থকা তথা বিভিন্নজনৰ পৰা টকা আনি পলাই ফুৰাৰ অভিযোগ কৰি বহু ভুক্তভোগীয়ে তেওঁক বিচাৰি ফুৰিছিল৷ উল্লেখ্য যে ইয়াৰ পুৰ্বেই এইজন তালুকদাৰে উদয়ন থিয়েটাৰ খুলি বহুতক প্ৰবঞ্চনা কৰাৰ পিচত এইবাৰ অভিনন্দন থিয়েটাৰ নাম দিছিল যদিও এইবাৰো বহু অভিনেতা অভিনেত্ৰী কলা কুশলী আৰু ৰাইজক প্ৰৱঞ্চনা কৰি শেষত জালত পৰিল এইজন প্ৰযোজক। যোৱাটো নাট্যবৰ্ষত “অভিনন্দন থিয়েটাৰ” নামৰ নতুনকৈ এখন ভ্ৰাম্যমাণ থিয়েটাৰ আৰম্ভ কৰে যদিও আচৰিত কথা যে পাঠশালা নগৰৰ বাসিন্দা হোৱা স্বত্তেও থিয়েটাৰখনৰ ঠিকনা আছিল অইন ঠাইৰ, কিয়নো পাঠশালা অঞ্চলৰ অধিকাংশ মানুহে এওক ভালদৰে চিনি পায়৷ চলিত নাট্যবৰ্ষত অভিনন্দন থিয়েটাৰে কেবাগৰাকীও আগশাৰীৰ অভিনয় শিল্পীক চুক্তিবদ্ধ কৰোৱাৰ পিছত নাট্যাৰম্ভ হোৱাৰ পিছৰ পৰাই নাট্যদলৰ সতে জড়িত কেইবাগৰাকী শিল্পী, কলা কুশলীক প্ৰাপ্য ধন নিদিয়া, আহ্বায়ক সমিতিৰ পৰা আগতীয়াকৈ ধন লৈ নাট মঞ্চস্থ নকৰাৰ লগতে আগতীয়াকৈ লোৱা ধন ঘূৰাই নিদিয়া আদি অভিযোগ উত্থাপিত হোৱাৰ সমান্তৰালকৈ মাটি বিক্ৰীৰ কেলেংকাৰীও উত্থাপিত হৈ আহিছে প্ৰযোজকগৰাকীৰ বিৰুদ্ধে৷ এগৰাকী সীমা সুৰক্ষা বলৰ জোৱানৰ পৰা মাটি বিক্ৰী কৰাৰ নানত প্ৰৱঞ্চনাৰে বহু লক্ষ টকা আত্মসাত কৰাৰ পিছত দীৰ্ঘদিন ধৰি কোনো ধৰনৰ শুং সূত্ৰ পোৱা নাছিল ভুক্তভোগীসকলে। কিন্তু কালি হঠাতে প্ৰৱঞ্চক প্ৰযোজক জ্যোতিপদ তালুকদাৰক গুৱাহাটীত দেখা পাই সেনা জোৱানে কৌশলেৰে পাঠশালালৈ লৈ আহি আৰক্ষীক গতাই দিয়ে৷ ইপিনে তালুকদাৰক আটক কৰাৰ খবৰ পাই হঠাতে দুগৰাকী যুৱতীয়ে হাতীগাওঁ থানাক জ্যোতিপদক অপহৰণ কৰা বুলি খবৰ দি আৰক্ষীৰ সতে পিছা কৰি পাঠশালা থানাত হাজিৰ হৈ তালুকদাৰক অপহৰণ কৰাৰ অভিযোগ তোলে যদিও ইতিমধ্যে পাঠশালা থানাত জ্যোতিপলক আটক কৰা খবৰ লাভ কৰি থানা চৌহদত উপস্থিত হোৱা প্ৰৱঞ্চিত ৰাইজৰ ৰুদ্ৰ ৰূপ দেখি পুনৰ উভতি যায় অচিনাক্ত দুই যুৱতী৷ সাংবাদিকে যুৱতীদুগৰাকীৰ পৰিচয় জানিব বিচাৰে যদিও তেওঁলোকে ততালিকে উধাও হয় আৰু ঘটনাৰ সত্যাসত্যতা জানি হাতীগাও আৰক্ষীও উভতি যায়৷ সীমা সুৰক্ষা বলৰ জোৱানে জোৱানজনে অভিযোগ কৰা অনুসৰি ২০১৮ চনতে জোৱান গৰাকীক মাটি বিক্ৰী কৰিম বুলি ৭ লাখ টকা লৈছিল জ্যোতিপদ তালুকদাৰে৷ কিন্তু বিগত পাঁচ বছৰে তেওঁক না মাটি দিলে, না ঘুৰাই দিলে টকা৷ এনে এক প্ৰেক্ষাপটতে জোৱানজনে পাঠশালা নগৰৰ পাঠলা নিৱাসী জ্যোতিপদৰ বিৰুদ্ধে পাঠশালা থানাত প্ৰৱঞ্চনাৰ এক গোচৰো দিছিল৷ জোৱান জনে জানিবলৈ দিয়া অনুসৰি অতি চালাক জ্যোতিপদে চাতুৰালিৰে বাৰে বাৰে পলাই ফুৰাৰ পিছত কালি জোৱানজনে গুৱাহাটীৰ গীতানগৰৰ পৰা পাঠশালালৈ মতাই আনি পূৰ্ব পৰিকল্পিতভাবে আৰক্ষীৰ সহায় লোৱাত পাঠশালা আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ সক্ষম হয়৷ ইপিনে প্ৰযোজক জ্যোতিপদ তালুকদাৰে থিয়েটাৰৰ হোৱা লোকচানৰ বাবে টকা দিব পৰা নাই বুলি সদৰি কৰি তেওঁৰ ওপৰত অনা অভিযোগ ভিত্তীহীন বুলি দাবি কৰি লাহে লাহে সকলোৰে টকা ঘুৰাই দিব বুলি সদৰি কৰি ভৱিষ্যতে আৰু থিয়েটাৰ নকৰো বুলি ব্যক্ত কৰে৷ আনহাতে আজি দিনৰ ভাগত জ্যোতিপদক বজালী আদালতত হাজিৰ কৰোৱা পিছতে আদালতে এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like